নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰি যোৱা বছৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰে অৱশেষত লাভ কৰিলে জামিন। প্ৰায় ৬ মাহ কাৰাবন্দী হৈ থকাৰ পিছত শুকুৰবাৰে NIAৰ আদালতে জামিন মঞ্জুৰ কৰে ধৈৰ্য্য কোঁৱৰৰ ৷ এন আই এৰ ১৩/১৯ গোচৰত জামিন লাভ কৰিছে ধৈৰ্য্য কোঁৱৰে। আজি ৩০ হাজাৰ টকা আমানতত চান্দমাৰিস্থিত নিয়া আদালতে জামিন মঞ্জুৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকজনৰ।
আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, ধৈয্য কোঁৱৰকে ধৰি গ্ৰেপ্তাৰ হৈছিল ছাত্ৰ মুক্তিৰ বিতু সোণোৱাল আৰু মানস কোঁৱৰক ৷
উল্লেখযোগ্য যে, অখিল গগৈকে ধৰি কৃষক মুক্তিৰ সদস্যৰ চাৰি সদস্যক মাওবাদীৰ সৈতে জড়িত থকাৰ অভিযোগত আনিছিল ৷ আৰু গোচৰ ৰুজু কৰা হৈছিল চানমাৰী থানাত। পিছত গোচৰৰ তদন্তৰ ভাৰ NIAৰ হাতত অৰ্পণ কৰা হয়।
ইফালে অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰৰ সন্দৰ্ভত অহা ২১ জুলাইত NIAৰ আদালতত হ’ব শুনানি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|