ডিচেম্বৰ মাহত ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাত চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈক৷ তাৰ পিছত গোচৰটো হস্তান্তৰ হৈছিল NIAলৈ৷ NIAই গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰায় তিনি মাহৰ পিছত NIAৰ গোচৰটোত জামিন লাভ কৰিছিল অখিল গগৈয়ে৷
NIA আদালতৰ জামিনৰ ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল NIA–এ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে আবেদনৰ শুনানিৰ পিছত NIA আদালতৰ ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল৷ সেই মতে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত হাজোতি হৈ থকা অখিল গগৈক হাজিৰ কৰা হয় গুৱাহাটীস্থিত NIAৰ বিশেষ আদালতত৷
আদালতত উপস্থিত হৈয়ে অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় – ‘‘
![]()
সাংঘাতিক ধৰণৰ যন্ত্ৰণাত আছো, চৰকাৰে আৰু তিনিটা গোচৰ জাপি দিছে যাতে কাৰাগাৰৰ পৰা ওলাব নোৱাৰো ৷ ৰাইজলৈ অনুৰোধ সকলো লোক বেমাৰৰ পৰা আঁতৰত থাকক৷ পেট্ৰ'ল–ডিজেলৰ দাম কমাব লাগে৷ চাৰি–পাঁচ লাখ লোক যিসকল বাহিৰত আবদ্ধ হৈ আছে তেওঁলোকক ঘূৰাই আনক৷ কৃষকক ক্ষতিপূৰণ দিব লাগে৷"
আনহাতে, NIAৰ 13/2019 গোচৰটোত আদালতে অখিল গগৈক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ইফালে চাবুৱা আৰক্ষী থানাৰ বিষয়া টুলুমণি দুৱৰাক কা আন্দোলনৰ সময়ত কৰা আক্ৰমণৰ ঘটনাৰ গোচৰটোও NIAই লৈছে৷ আজি সেই গোচৰটোৰ শুনানিৰ দিন আছিল যদিও ডিব্ৰুগড়ৰ পৰা গোচৰটোৰ তথ্য নহা কাৰনে ৩ মে’ৰ পিছত শুনানি গ্ৰহণ কৰিব আদালতে৷
আনহাতে 13/2019 নম্বৰ গোচৰটো আদালতত হাজিৰ কৰা হ’ল ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালকো৷ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ১৩ মে’ ধাৰ্য কৰিছে আদালতে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|