অখিল গগৈৰ গাত কোৰোণাৰ লক্ষণ! সহযোগী ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল পজিটিভ হোৱাৰ পিছতে GMCHলৈ প্ৰেৰণ

News18 Assam | News18-Assam
Updated:July 9, 2020, 2:29 PM IST
অখিল গগৈৰ গাত কোৰোণাৰ লক্ষণ! সহযোগী ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল পজিটিভ হোৱাৰ পিছতে GMCHলৈ প্ৰেৰণ
বুধবাৰে নিশাই অখিল গগৈৰ সহযোগী ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কোৰোণা পৰীক্ষাৰ ফলাফলো পজিটিভ আহে।

বুধবাৰে নিশাই অখিল গগৈৰ সহযোগী ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কোৰোণা পৰীক্ষাৰ ফলাফলো পজিটিভ আহে।

  • Share this:
বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল অখিল গগৈ। কৃষক নেতাগৰাকীৰ দেহত কোৰোণা ভাইৰাছৰ সকলোবোৰ লক্ষণে দেখা দিছিল। অৱশ্যে এই সন্দৰ্ভত ফলাফল আহিবলৈ এতিয়াও বাকী আছে। সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে আছে অখিল গগৈ।

উল্লেখযোগ্য যে কেইদিনমানৰ পৰা কোৰোণাৰ লক্ষণে দেখা দিয়াৰ পিছত অভিযোগ উঠিছিল যে, অখিল গগৈৰ কোনো ধৰণৰ চিকিত্‍সাৰ ব্যৱস্থা কৰা নাছিল কাৰাগাৰ কৰ্তৃপক্ষ বা চৰকাৰে। কাৰাগাৰত কোৰোণা প্ৰতিৰোধৰ ব্যৱস্থা নথকাৰ অভিযোগ প্ৰতিবাদো কৰিবলগীয়া হৈছিল অখিল গগৈৰ লগতে তেওঁৰ সহযোগীয়ে।  উল্লেখযোগ্য যে ‘কা’ আন্দোলনৰ পিছৰে পৰা প্ৰায় ২০০ দিনৰো অধিক দিন কাৰাৰুদ্ধ হৈ আছে অখিল গগৈৰ লগতে কেইবাজনো সতীৰ্থ।

ইফালে বুধবাৰে নিশা অখিল গগৈৰ সহযোগী ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কোৰোণা পৰীক্ষাৰ ফলাফলো পজিটিভ আহে। ইয়াৰ পিছতে দুয়োকে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ (MMCH) অনা হয় আৰু পুৱা দুয়োকে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (GMCH) অনা হয়। অখিলৰ সহযোগী বিতু সোণোৱাল সৰুৰে পৰা হাপানী ৰোগতো আক্ৰান্ত।

 
Published by: Himangshu Bhuyan
First published: July 9, 2020, 1:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading