ৰাজ্যত কোনো কাৰণতে টোলগে’ট মুকলি কৰিব নিদিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই হুংকাৰ দিছে কৃষক নেতা অখিল গগৈয়ে। আন দল-সংগঠনকো এই ক্ষেত্ৰত সহযোগিতাৰ আহ্বান অখিলৰ। মঙলবাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকত টোলগে’ট মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বৈঠকৰ পিছত এই কথা ঘোষণা কৰিছিল সাংসদ ৰামেশ্বৰ তেলীয়ে। টোলগে’ট মুকলিৰ পূৰ্বে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।
NRCক লৈ কৃষক নেতা অখিল গগৈয়ে কয় যে হিন্দু বা মুছলমান বুলি কথা নাই, বিদেশী বিদেশীয়েই। বিজেপিয়ে NRCত নাম বাদ পৰাসকলক দুভাগত বিভক্ত কৰিছে। মুছলমানক বাদ দি হিন্দু বঙালীক সকাহ দিয়াৰ পোষকতা কৰিছে বিজেপিয়ে। হিন্দু বঙালীক ৰক্ষণাবেক্ষণৰ বাবে NRCৰ আবেদনৰ সময় বৃদ্ধি কৰাৰো অভিযোগ অখিল গগৈৰ। কেৱল উচ্চতম ন্যায়ালয়, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বাবে প্ৰকাশ পাব NRC, কিন্তু বিজেপি–RSS-এ এয়া বিচৰা নাছিল বুলি মন্তব্য কৰে কৃষক নেতাজনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 21, 2019, 10:03 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।