মুখ্যপৃষ্ঠা »খবৰ »অসম »কৃষক নেতা অখিল গগৈ আৰু দেবাংগনা কলিতাৰ মুক্তিৰ দাবীত মুণ্ডন

কৃষক নেতা অখিল গগৈ আৰু দেবাংগনা কলিতাৰ মুক্তিৰ দাবীত মুণ্ডন

কৃষক নেতা অখিল গগৈ আৰু মেধাৱী ছাত্ৰী দেৱাংগনা কলিতাক চৰকাৰে কাৰাবন্দী কৰি ৰখাৰ প্ৰতিবাদত মৰিয়নীৰ নকছাৰীত কৃষক মুক্তিৰ চাৰি সদস্যই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষক নেতা অখিল গগৈ আৰু মেধাৱী ছাত্ৰী দেৱাংগনা কলিতাক চৰকাৰে কাৰাবন্দী কৰি ৰখাৰ প্ৰতিবাদত মৰিয়নীৰ নকছাৰীত কৃষক মুক্তিৰ চাৰি সদস্যই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

  • Share this:
কৃষক নেতা অখিল গগৈ আৰু মেধাৱী ছাত্ৰী দেৱাংগনা কলিতাক চৰকাৰে কাৰাবন্দী কৰি ৰখাৰ প্ৰতিবাদত মৰিয়নীৰ নকছাৰীত কৃষক মুক্তিৰ চাৰি সদস্যই মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শুকুৰবাৰে নকছাৰীৰ দেবেৰাপাৰা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নকছাৰী আঞ্চলিক সমিতিৰ সভাপতি হৰেন সন্দিকৈ, সহকাৰী সম্পাদক মহম্মদ লিটুল হুছেইন, সদস্যদ্বয় ৰিতুপৰ্ণ কোঁৱৰ আৰু জিতেন সন্দিকৈয়ে মুণ্ডন কৰি কৃষক নেতা অখিল গগৈ লগতে দিল্লী জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী দেৱাংগনা কলিতাক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নকছাৰী আঞ্চলিক সমিতিৰ সভাপতি হৰেণ সন্দিকৈয়ে ক্ষোভেৰে কয় যে, অসমৰ বহু কেইটা সংগঠন আৰু ডাঙৰ ডাঙৰ নেতাই 'কা' বিৰোধী আন্দোলনত জপিয়াই পৰিছিল। কিন্তু কৃষক মুক্তিৰ মূখ্য উপদেষ্টা অখিল গগৈক বিজেপি চৰকাৰে ভয় কৰে বাবে গ্ৰেপ্তাৰ কৰি ষড়যন্ত্ৰমূলক ভাৱে ইটোৰ পাছত সিটো ভুৱা গোচৰ জাপি দি দীৰ্ঘদিন কৰাবন্দী কৰি ৰাখিব বিচাৰিছে। অসমৰ ৰাইজে বিজেপি চৰকাৰৰ চক্ৰান্ত ভালদৰে বুজি উঠিছে। অখিল গগৈক শীঘ্ৰে মুক্তি নিদিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলিও সকীয়াই দিয়ে নেতা জনে।

শেহতীয়া বাতৰি