কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজ্যৰ ১৮টা জাতীয় জনগোষ্ঠীয় সংগঠনে ৰাজ্যত পুনৰ আৰম্ভ কৰিব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজ্যৰ ১৮টা জাতীয় জনগোষ্ঠীয় সংগঠনে ৰাজ্যত পুনৰ আৰম্ভ কৰিব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজ্যৰ ১৮টা জাতীয় জনগোষ্ঠীয় সংগঠনে ৰাজ্যত পুনৰ আৰম্ভ কৰিব নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। পূৰ্বত কৈ জংগী ৰূপত হ’ব এই প্ৰতিবাদী আন্দোলন। বুধবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত কৃষক মুক্তি আৰু কেইবাটাও জাতীয় সংগঠনে সংবাদমেল যোগে এই হুংকাৰ দিয়ে।
সংবাদ মাধ্যমৰ আগত সংগঠন কেইটাৰ বিষয়ববীয়াই জনোৱা মতে, ১১ ডিচেম্বৰত বিশাল গণ প্ৰতিবাদেৰে উত্তাল কৰি তোলা হ’ব ঐতিহাসিক শিৱসাগৰ। দহ হাজাৰ প্ৰতিবাদীৰ মিচিলেৰে চৰকাৰলৈ কা বিৰোধী বাৰ্তা প্ৰেৰণ কৰিব প্ৰতিবাদী জনতাই।’
ইফালে সংবাদমেলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য দল সংগঠনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপ সভাপতি অতুল বৰাক অসমীয়া জাতিৰ চিৰ শত্ৰু আখ্যা দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|