পশ্চিম বংগত শেহতীয়াভাৱে সংঘটিত ৰাজনৈতিক হিংসাৰ ঘটনাক গৰিহণা দিছে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅ’ই৷ টিএমচিয়ে কোচ ৰাজবংশী লোকৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে ৷ আনহাতে, কমতাপুৰী জনগণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিলে প্ৰত্যাক্ৰমণৰ হুংকাৰ দিছে সশস্ত্ৰ সংগঠনটোৱে ৷
ইফালে, পশ্চিম বংগৰ ৰাজনৈতিক দলসমূহৰ কাম–কাজত অসন্তুষ্টি ব্যক্ত কৰি স্বগোষ্ঠীয় লোকসকলক ৰাজনৈতিক দল ত্যাগৰ আহ্বান জনাইছে সংগঠনটোৱে৷ কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন চমুকৈ কেএলঅ’ৰ সভাপতি জীৱন সিংহৰ এক ভিডিঅ’ বাৰ্তাত এই কথা প্ৰকাশ কৰিছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 05, 2021, 14:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।