মুখ্যপৃষ্ঠা »খবৰ »অসম »পুনৰ অস্ত্ৰ হাতত লোৱাৰ ভাবুকি কে এল অ’ৰ, প্ৰাক্তন কে এল অ’ৰ সমস্যা সমাধানৰ দাবী চৰকাৰক

পুনৰ অস্ত্ৰ হাতত লোৱাৰ ভাবুকি কে এল অ’ৰ, প্ৰাক্তন কে এল অ’ৰ সমস্যা সমাধানৰ দাবী চৰকাৰক

কে এল অ’ৰ সমস্যা সমাধানৰ দাবীত আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে ধুবুৰী জিলাৰ তামাৰহাটত।

কে এল অ’ৰ সমস্যা সমাধানৰ দাবীত আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে ধুবুৰী জিলাৰ তামাৰহাটত।

কে এল অ’ৰ সমস্যা সমাধানৰ দাবীত আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে ধুবুৰী জিলাৰ তামাৰহাটত।

  • Share this:
কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা সমাধান, জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত দীর্ঘদিন ধৰি হাতত অস্ত্ৰ লৈ চৰকাৰৰ বিৰুদ্ধে যুঁজ দি অহা প্ৰাক্তন কে এল অ’ৰ সদস্যসকলে সম্প্ৰতি গভীৰ সংকটত পৰিছে। মূলসুঁতিলৈ অহাৰ সময়ত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নকৰাৰ ফলত এশ এবুৰি সমস্যাত ভুগিছে এই সদস্যসকল। কে এল অ’ৰ সমস্যা সমাধানৰ দাবীত আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে ধুবুৰী জিলাৰ তামাৰহাটত।

কে এল অ’ৰ সমস্যা সমাধান কৰাৰ লগতে শেহতীয়াকৈ গঠন হ’বলগীয়া অটনমাছ কাউঞ্চিলত কে এল অ’ৰ শীর্ষ নেতৃবৰ্গক স্থান দিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ শীঘ্ৰে পুনৰ কৰিবলৈ দাবী জনায়। গভীৰ সংকটত ভুগি থকা প্ৰাক্তন কে এল অ’ৰ সদস্যসকলৰ সমস্যা শীঘ্ৰে সমাধান নকৰিলে পুনৰ হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰে।

শেহতীয়া বাতৰি