• Home
  • »
  • News
  • »
  • assam
  • »
  • মডেল ভগ্নীৰ সহযোগত নিষিদ্ব ঘোষিত সংগঠন KLOক শক্তিশালী কৰিব বিচাৰিছিল নেকি পাৰ্থ প্ৰতীম বৰ্মনে?

মডেল ভগ্নীৰ সহযোগত নিষিদ্ব ঘোষিত সংগঠন KLOক শক্তিশালী কৰিব বিচাৰিছিল নেকি পাৰ্থ প্ৰতীম বৰ্মনে?

KLOৰ বৈদেশিক সচিব তথা ভাতৃ  পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পাৰ সৈতে হোৱাটছএপৰ জৰিয়তে ভিডিঅ' কল কৰাৰ তথ্য লাভৰ পিছতেই আটক মডেল ভগ্নী নৱনীতা বৰ্মন বোথ্ৰা আৰু ভনী জোৱাই বিকাশ বোথ্ৰা। আনহাতে নিৰ্মল দাস, উত্তম ৰয় নতুন কেএলঅ সদস্য ভৰ্তিকৰণত প্ৰত্যক্ষভাৱে জড়িত।

KLOৰ বৈদেশিক সচিব তথা ভাতৃ  পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পাৰ সৈতে হোৱাটছএপৰ জৰিয়তে ভিডিঅ' কল কৰাৰ তথ্য লাভৰ পিছতেই আটক মডেল ভগ্নী নৱনীতা বৰ্মন বোথ্ৰা আৰু ভনী জোৱাই বিকাশ বোথ্ৰা। আনহাতে নিৰ্মল দাস, উত্তম ৰয় নতুন কেএলঅ সদস্য ভৰ্তিকৰণত প্ৰত্যক্ষভাৱে জড়িত।

KLOৰ বৈদেশিক সচিব তথা ভাতৃ  পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পাৰ সৈতে হোৱাটছএপৰ জৰিয়তে ভিডিঅ' কল কৰাৰ তথ্য লাভৰ পিছতেই আটক মডেল ভগ্নী নৱনীতা বৰ্মন বোথ্ৰা আৰু ভনী জোৱাই বিকাশ বোথ্ৰা। আনহাতে নিৰ্মল দাস, উত্তম ৰয় নতুন কেএলঅ সদস্য ভৰ্তিকৰণত প্ৰত্যক্ষভাৱে জড়িত।

  • Share this:
শান্তি উভতি অহা বিটিচিত পুনৰ উগ্ৰপন্থীৰ দ্বাৰা নিৰীহ গঞাক গুলীবিদ্ধ কৰা ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী বাহিনীয়ে ইতিমধ্যে ক্ষীপ্ৰ গতিত তদন্ত আৰম্ভ কৰিছে । লগতে উক্ত গুলীচালনাৰ ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰত গুলীচালনাৰ ঘটনাত জড়িত KLOৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা এগৰাকী মডেল আৰু তেওঁৰ স্বামীসহ মুঠ ছয়জনক আটক কৰিবলৈ সক্ষম হৈছে । আৰক্ষীয়ে ছেৰফাংগুৰিৰ ঘটনা সন্দৰ্ভত আটক কৰা সকল হৈছে  KLOৰ বৈদেশিক সচিবৰ দায়িত্বত থকা পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেল (৩৮) ৰ ভনীয়েক তথা মডেল নৱনীতা বৰ্মন বোথ্ৰা, নৱনীতাৰ স্বামী বিকাশ বোথ্ৰা ওৰফে বিকি, আৰু আন চাৰিগৰাকী প্ৰাক্তন KLOৰ সদস্য নিৰ্মল দাস, মৃদুল ৰায়, গৌড় চন্দ্ৰ ৰায় আৰু উত্তম ৰায় । ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত আটাইকেইজনৰ বিৰুদ্বে ২৩/২০২২ নম্বৰৰ এটা গোচৰ মৰ্মে  ইউএছ-১২০(বি)/১২(এ)১২২/৩২৩/৩০৭/৩৮৪/৩৮৭ আৰডব্লিউ ২৭/(১এ)/২৭(১বি) ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ।

আৰক্ষীৰ শীৰ্ষ সূত্ৰ‌ই সদৰি কৰা মতে পাৰ্থপ্ৰতীম বৰ্মণ ওৰফে পাভেলে ছেৰফাংগুৰিৰ নাৰাবাৰী গাওঁৰ ধানৰ ব্যৱসায়েৰে জীৱিকা নিৰ্বাহ কৰা সুনীল মণ্ডলক ফোনযোগে কমতাপুৰত থকাৰ বাবে দুই লাখ টকা দাবী কৰি টকা আদায় নিদিলে কথা বেয়া হ'ব বুলি ধমকি দিছিল। পৰবৰ্তী সময়ত উক্ত কেএল‌অৰ কেন্দ্ৰীয় সমিতিৰ বৈদেশিক সচিব পাভেলৰ নিৰ্দেশত ৪ জুনৰ  নিশা দুগৰাকী হেলমেট পিন্ধি মটৰ চাইকেলত অহা অচিনাক্ত যুৱকে ক্ষুদ্ৰ ব্যৱসায়ীজনক গুলীয়াই থৈ যায় । উক্ত ধনদাবী কৰা KLO নেতা পাৰ্থপ্ৰতীম ওৰফে পাভেলৰ মোবাইল নম্বৰৰ জৰিয়তে কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত কৰি কেইটামান নম্বৰ লাভ কৰে । যিকেইটা নম্বৰৰ সৈতে পাভেলে কেৱল কথা পাতাই নহয় বিভিন্ন মেছেজ আৰু বিশেষকৈ হোৱাটছ‌এপৰ জৰিয়তে ভিডিঅ' কল কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰাত পৰ্যায়ক্ৰমে ভনীয়েক নৱনীতা বৰ্মন বোথ্ৰাসহ ছয়জনক আটক কৰে।

মডেল নৱনীতা বৰ্মন বোথ্ৰাই প্ৰায় এবছৰ ধৰি ম্যানমাৰৰ শিৱিৰত থকা KLOৰ বৈদেশিক সচিব পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ সৈতে মোবাইল ফোনৰ জৰিয়তে প্ৰায়ে বাৰ্তালাপ কৰাৰ লগতে ভিডিঅ' কলিং কৰি অহা বুলি জানিব পৰা গৈছে। অৱশ্যে ব্যৱসায়ী স্বামী বিকাশ বোথ্ৰাই  নৱনীতাক উগ্ৰপন্থী ভাতৃৰ সৈতে বাৰম্বাৰ যোগাযোগ নাৰাখিবলৈ কৈ আহিছিল।

আনহাতে পাৰ্থ প্ৰতীম বৰ্মন ওৰফে পাভেলৰ কোকৰাঝাৰ চহৰৰ ১০ নং ৱাৰ্ডত নিজ বাসগৃহতো বিৰাজ কৰিছে শীতল নীৰৱতা । হৃদৰোগী পাভেলৰ মাতৃয়ে সদৰি কৰা মতে ২০০৯ চনত সংঘটিত এটা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ পিচত দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি হোৱাৰ পিচতে তেওঁলোকৰ সৰু পুত্ৰ পাৰ্থপ্ৰতীম ওৰফে বাপ্পা কেৰালাত কাম কৰিবলৈ যোৱাৰ পিচত আৰু কোনো খা-খবৰ পোৱা নাছিল । আনকি বাপ্পাৰ মৃত্যু হোৱা বুলিয়েই তেওঁলোকে ধৰি লৈছিল ।

এক সূত্ৰৰ মতে KLOৰ ম্যানমাৰস্থিত শিবিৰৰ বৈদেশিক সচিব পাৰ্থপ্ৰতীম ওৰফে বাপ্পা ওৰফে পাভেলে ২০১০ চনত KLOত যোগদান কৰিছিল । প্ৰৱেশিকা উত্তীৰ্ণ আৰু বিভিন্ন মাৰণাস্ত্ৰৰ তথা সামৰিক প্ৰশিক্ষণ লৈ বৰ্তমান সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বৈদেশিক সচিব পদত নিয়োজিত হৈ থকা পাভেলে নামনি অসমত সংগঠনৰ ধন সংগ্ৰহ, সদস্য ভৰ্তিকৰণত বিশেষ ভূমিকা লৈ আহিছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি