মুখ্যপৃষ্ঠা »খবৰ »অসম »Kokrajhar : কোকৰাঝাৰত পুনৰ ধনদাবী ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক, কেএলঅ'ৱে পূৰ্বে গুলীয়াই আহত কৰিছিল মণ্ডলক

Kokrajhar : কোকৰাঝাৰত পুনৰ ধনদাবী ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক, কেএলঅ'ৱে পূৰ্বে গুলীয়াই আহত কৰিছিল মণ্ডলক

প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি পলায়ন মণ্ডল পৰিয়ালৰ

প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি পলায়ন মণ্ডল পৰিয়ালৰ

প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰি পলায়ন মণ্ডল পৰিয়ালৰ

  • Share this:
কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰিস্থিত নাৰাবাৰীৰ ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক পুনৰ নিষিদ্ধঘোষিত কেএল‌অ'ৱে ধন দাবী কৰা ঘটনাই জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।  জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবেই সাম্প্ৰতিক সময়ত কেএল‌অ'ৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰাৰ পিছতো কেএল‌অ'ই নিজৰ অস্তিত্ব জাহিৰ কৰি জিলাখনত বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰাই নহয় মাথোঁ তিনি মাহ পূৰ্বে বিগত জুন মাহত চেৰফাংগুড়িৰ ক্ষুদ্র ব্যৱসায়ী সুনীল মণ্ডলক ধন দাবী কৰি দিন দুপৰতে গুলীয়াই আহত কৰিছিল।

যোৱা ৪ জুনত  ক্ষুদ্ৰ ব্যৱসায়ীক দাবী কৰা ধন নাপাই কে এল অ' সদস্যই গুলীয়াই  আহত কৰা ঘটনাত জড়িত সন্দৰ্ভত  মডেলসহ কেইবাগৰাকীক আৰক্ষীয়ে আটক কৰিছিল।           কিন্তু তিনি মাহ উকলি যোৱাৰ পিছত পুনৰ গুলীবিদ্ধ ব্যৱসায়ীগৰাকী সুনীল মণ্ডলক কেএল অ'ৱে উগ্ৰপন্থীয়ে ধন দাবী কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

জানিব পৰা মতে, যোৱা ৮ ছেপ্টেম্বৰৰ পুৱা  কেএল অ'ৱে হোৱাটছএপ ক’ল যোগে  ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীৰ পৰা পুনৰ দুই লাখ টকা  ধন দাবী কৰিছে ৷ প্ৰকাশ্য যে পূৰ্বে এই গৰাকী সুনীল মণ্ডলক কেএল অ'ৱে ফোন যোগে কমতাপুৰ অঞ্চলত বাস কৰা বাবে কৰৰ বাবদ এক লাখ টকা দাবী কৰিছিল আৰু তেওঁ উক্ত ধনৰাশি আদায় দিবলৈ অপৰাগ হোৱা বাবে তেওঁক গুলীওৱা হৈছিল। তেনেক্ষেত্ৰত  পুনৰ তেওঁক ধন দাবী কৰাত ব্যৱসায়ী আৰু ব্যৱসায়ীগৰাকীৰ পৰিয়ালত তীব্ৰ আতংকত ভুগিছে ৷ আনকি দাবী কৰা ধন আদায় নিদিয়াৰ বাবে পূৰ্বে আক্ৰমণৰ সন্মুখীন হোৱা সুনীল মণ্ডলৰ লগতে তেওঁৰ পৰিয়ালে চৰম নিৰাপত্তাহীনতাত ভুগিছে, ফলস্বৰূপে কেএলঅ'ৱে পুনৰ ধন দাবী কৰাৰ পিছতে ৮ ছেপ্টেম্বৰৰ দুপৰীয়া ১ বজাত ব্যৱসায়ী সুনীল মণ্ডল আৰু তেওঁৰ পৰিয়ালে ঘৰ-বাৰী এৰি পৰিয়ালসহ সম্প্ৰতি গোসাঁইগাঁওস্থিত জীয়েকৰ ঘৰত আশ্ৰয় লৈ আছে ৷

ইপিনে ঘটনা সংক্ৰান্তত চেৰফাংগুৰিৰ আৰক্ষীয়ে যোৱানিশাই দুজন কেএল অ'ৰ লিংক মেন আটক কৰিছে ৷ আটকাধীন  দুজন ক্ৰমে চেৰফাংগুৰিৰ নাৰাবাৰীৰ বিষ্ণু ৰায় ( ২৩ ) আৰু তাপস ৰায় (২১ )৷ উল্লেখ্য যে সুনীল মণ্ডলক ধন দাবী আৰু গুলীওৱা ঘটনা সন্দৰ্ভত ইয়াৰ পূৰ্বেও অৰ্থাৎ ৬ জুনত কে এল অ'ৰ এগৰাকী মডেল ভগ্নীসহ ছজনক আৰক্ষীয়ে আটক কৰিছিল ৷ ইয়াৰে উত্তম ৰায় আৰু নিখিল দাসৰ বাদে বাকী কেউজনে জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ সম্প্ৰতি  ব্যৱসায়ী সুনীল মণ্ডলৰ ঘৰৰ আশে-পাশে আৰক্ষী আৰু চিআৰ পিএফ বাহিনীয়ে টহল দি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ৷ 

শেহতীয়া বাতৰি