KLOৰ ডি এল কোচৰ স্বাক্ষৰিত কে এল অ' এইবাৰ ধন দাবীৰে বতাহ গৰম কৰি তুলিছে বিটিআৰ। গোসাইগাঁৱৰ গুৰুফেলাৰ লগতে কচুগাঁও আৰু ওচৰীয়া অঞ্চলৰ কুৰিজনতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীক পাঁচ লাখকৈ ধন দাবী কৰা হৈছে বুলি জানিব পৰা গৈছে।
দাবী কৰা ধন দিবলৈ দহ দিনৰ সময় সীমা KLO (KN)ৰ:। তথ্য মতে বহি ৰাষ্ট্ৰ বাংলাদেশৰ পৰা এছ এম এছ আৰু +৮৮০১৮৭৭৪০২৬৬৩ নম্বৰৰ মবাইলৰ পৰা ধন দাবী কৰা হৈছে।
ইতিমধ্যে ভুক্তভোগীসকলে আৰক্ষীৰ কাষ চাপিছে। আতংকিত ব্যৱসায়ী সকলে উক্ত ঘটনা সন্দৰ্ভত গুৰুফেলা আৰক্ষী চকীৰ আৰক্ষীক অৱগত কৰি তেওঁলোকৰ নিৰাপত্তাৰ দাবী জনাইছে।
কে এল অ'ৰ ডি এল কোচৰ স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিত ১৭ মাৰ্চ তাৰিখে তাৎক্ষণিকভাৱে বহা কে এল অ'ৰ সাধাৰণ সভাই দলৰ স্বতন্ত্রতা বজাই ৰখাৰ স্বাৰ্থত কে এল অ'ৰ নামৰ শেষত (KN) সংযুক্ত কৰাৰ সিদ্ধান্ত লয়।
বিটিআৰত স্থায়ী শান্তি ঘুৰি আহিছে বুলি ৰাজ্য আৰু বিটিআৰ চৰকাৰ জাহিৰ কৰা সময়ত বিটিআৰত ধন দাবীৰে ক্ৰমশঃ বতাহ গৰম হৈ উঠিছে।
বিটিআৰৰ বিভিন্ন অঞ্চলত এতিয়াও ধন দাবী, প্ৰাণে মৰাৰ ভাবুকি দি নিৰীহ লোকক টাৰ্গেট কৰি এক আতংকৰ পৰিৱেশ সৃষ্টি কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে।
Published by: Subham Goswami
FIRST PUBLISHED : March 19, 2023, 11:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|