ভাৰত চৰকাৰৰ তত্ত্বাৱধানত আছে কে এল অ' (KLO)ৰ অধ্যক্ষসহ ম্যানমাৰৰ পৰা ফেৰৎ নেতা-সদস্যসকল ৷ সঠিক দিশেৰে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅ'ৰ মাজত অব্যাহত আলোচনা প্ৰক্ৰিয়া। কেএলঅ'ৰ অধ্যক্ষ জীৱন সিংহ কোচে এক প্ৰেছ বিবৃতি আৰু ভিডিঅ' বাৰ্তাৰ জৰিয়তে এই কথা জানিবলৈ দিছে৷
তেওঁ কয় যে আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে আৰু সকলো সঠিক দিশৰে আগবাঢ়ি গৈ আছে ৷ গতিকে এইক্ষেত্ৰত ৰাইজ শংকিত হোৱাৰ প্ৰয়োজন নাই ৷ এইক্ষেত্ৰত প্ৰস্তাৱিত কমতাপুৰবাসী ৰাইজ তথা দল-সংগঠনৰ সহায়-সহযোগিতা কামনা কৰে ৷ যোৱা ১৭ জানুৱাৰীত জীৱন সিংহ কোচসহ সংগঠনটোৰ ৯গৰাকীকৈ নেতা-সদস্যই ঘন জংঘলৰ পৰা ওলাই আহিছিল৷ সংগঠনৰ উক্ত দলটোৱে ভিডিঅ' বাৰ্তা ৰাজহুৱা কৰি অচিৰে শান্তি চুক্তি সম্পাদন হ’ব বুলি জানিবলৈ দিছিল৷
কিন্তু ভাৰতৰ মাটিত পদাৰ্পণ কৰাৰ পিছতে জীৱন সিংহ কোচসহ নেতা-সদস্যসকলৰ কোনো খা-খবৰ ওলোৱা নাছিল, যাৰ বাবে কেএলঅ'ৰ পৰিয়ালবৰ্গৰ লগতে বিভিন্নজনে ইয়াকে লৈ শংকা ব্যক্ত কৰিছিল ৷ শেহতীয়া ভিডিঅ' বাৰ্তাত জীৱন সিংহসহ জংঘলৰ পৰা ওলাই অহা ৯গৰাকীকৈ নেতা-সদস্যই একেলগে নিজৰ কুশল বাৰ্তাও ৰাজহুৱা কৰা পৰিলক্ষিত হয় ৷
KLOৰ মুৰব্বী জীৱন সিংহই প্ৰদান কৰা প্ৰেছ বিবৃতিৰ ওপৰত বিজনীত কে এল অ' শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ে সংবাদমেল সম্বোধন কৰে। কমতাপুৰ লিবাৰেছন অৰ্গেনাইজেচন চমুকৈ KLOৰ মুৰব্বী জীৱন সিংহৰ লগত কেন্দ্ৰীয় চৰকাৰৰ দ্বিপাক্ষিক আলোচনাৰ বাবে বহুচৰ্চিত বিষয় সন্দৰ্ভত বিশ্বজিৎ ৰায়লৈ প্ৰদান কৰা বিবৃতিখন আজি আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰে শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅ'ৰ মাজত হ'বলগীয়া শান্তি চুক্তিক লৈ একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। তেওঁ ভালে আছে, ভাৰত চৰকাৰৰ তত্ত্বাৱধানত আছে। কমতাপুৰবাসী ৰাইজ চিন্তিত বা উদ্বিগ্ন হ'ব নালাগে। অচিৰেই কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅ' মাজত দ্বিপাক্ষিক শান্তি চুক্তি হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।