ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ কৰিলে নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (KLO)ৰ অধ্যক্ষ জীৱন সিংহ কোচ।
ম্যানমাৰৰ পৰা অৰুণাচলত প্ৰৱেশ কৰে জীৱন সিংহই। তেওঁৰ লগতে আহে সংগঠনটোৰ কেইবাগৰাকী শীৰ্ষ নেতা। বৰ্তমান আছাম ৰাইফলছৰ জিম্মাত আছে জীৱন সিংহ। অৰুণাচলৰ আছাম ৰাইফলছৰ কেম্পত আছে জীৱন সিংহ। উচ্চস্তৰীয় সূত্ৰই সদৰী কৰিছে এই তথ্য।
উল্লেখ্য, কালি ম্যানমাৰৰ শিবিৰ এৰি ভাৰত অভিমুখে যাত্ৰা কৰিছিল সিংহই। কেন্দ্ৰীয় চৰকাৰে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দিশত ইতিবাচক দৃষ্টিভংগী প্ৰদৰ্শন কৰাৰ পিছতে এই দিশত কমতাপুৰৰ দল-সংগঠন সজাগ হোৱা পৰিলক্ষিত হৈছিল। এতিয়া জীৱন সিংহৰ আগমনে এই দিশত এক বিশেষ মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।