কাৰ্বি আংলঙত (Karbi Anglong) বিগত কিছুদিন ধৰি দুৰ্বৃত্তই জধে–মধে অপহৰণৰ ঘটনা সংঘটিত কৰি জিলাখনত সৃষ্টি কৰিছে ত্ৰাসৰ। কিছুদিন পূৰ্বে ডকমকাৰ পৰা অপহৃত হোৱা ব্যক্তিক আৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰক্ষীৰ গুলীত নিহত হৈছিল এটা দুৰ্বৃত্ত। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছিল কেইবাজাঁই সজীৱ গুলী আৰু পিষ্টল।
ইফালে উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই যোৱা ১০ ডিচেম্বৰত আন এটা দুৰ্বৃত্তৰ দলে ৰংমংৱেত দলং নিৰ্মাণৰ কামত নিয়োজিত চন্দন দে নামৰ এজন লোকক অপহৰণ কৰি ঠিকাদাৰৰ পৰা দাবী কৰিছিল মুক্তিপণ।
ইয়াৰ মাজতে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত জিলাখনত আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তোলাত ১৩ ডিচেম্বৰত উক্ত অপহৰণৰ লগত জড়িত থকা অমৰজ্যোতি টেৰনক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল। ধৃত অমৰজ্যোতিৰ ভাষ্যৰ ভিত্তিত সেইদিনাই আৰক্ষীয়ে অপহৃত চন্দন দেক সুকলমে কৰিছিল উদ্ধাৰ। কিন্তু আৰক্ষীয়ে অমৰজ্যোতি টেৰণক জিম্মাত ৰাখি দুৰ্বৃত্তৰ দলটোৰ সন্ধানত চলাই গৈছিল অভিযান।
যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱতিনিশা কাৰ্বি আংলং আৰক্ষীয়ে দুৰ্বৃত্তৰ দলটোৰ আন সদস্যৰ সন্ধানত ৰংমংৱেত অভিযান চলোৱাৰ সময়তে আৰক্ষী আৰু দুৰ্বৃত্তৰ দলটোৰ মাজত সংঘৰ্ষ হোৱাত আৰক্ষীৰ গুলীত নিহত হয় KDLF উগ্ৰপন্থী সংগঠনটোৰ অধ্যক্ষ জেকচন ৰংহাং। আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা এটা পিষ্টল, সজীৱ গুলী আৰু KDLF সংগঠনৰ ধনদাবীৰ পেড আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।ইফালে সমগ্ৰ ঘটনা সংক্ৰান্তত এতিয়াও অব্যাহত আছে আৰক্ষীৰ তদন্ত।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|