মঙলবাৰে সকলোকে কন্দুৱাই চিৰ বিদায় ল'লে বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী KK-ই। পশ্চিমবংগৰ মঞ্চত গীত পৰিবেশন কৰি থকাৰ মাজতে অসুস্থ হৈ পৰে সংগীতশিল্পীগৰাকী। আৰু হাস্পতাললৈ নিয়া হৈছিল যদিও ডাক্তৰে মৃত্যু ঘোষণা কৰে। জানিব পৰা মতে, হঠাত্ হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি ললে কেকেই।
হিন্দীৰ লগতে অন্যান্য বহু আঞ্চলিক ভাষাৰ গীতো গাইছিল জনপ্ৰিয় সংগীতশিল্পীগৰাকীয়ে। অসমীয়া গীততো কণ্ঠদান কৰিছিল কেকেই। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ মন নামৰ এলবামটোৰ জৰিয়তে প্ৰথমবাৰলৈ অসমীয়া গীতত কণ্ঠদান কৰিছিল কেকেই।
এলবামটোৰ কেকেৰ কণ্ঠৰ 'কাজল তুমি নুবুজানে' আজিও অসমীয়া শ্ৰুতাৰ মুখে মুখে। সেইদৰে একেটা এলবামতে 'মন দিলো জেনেকৈ' শীৰ্ষক অন্য এটা গীততো কণ্ঠ নিগৰাইছিল কেকেই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|