আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস । প্ৰত্যেক বছৰে ২১ ফ্ৰেব্ৰুৱাৰী দিনটোক আন্তজাৰ্তিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয় ৷ প্ৰত্যেকজন লোকেই আজি সগৌৰৱে নিজৰ ভাষাৰ দিৱস পালন কৰিছে। চিৰ চেনেহী মোৰ ভাষা জননী ৷ প্ৰত্যেক গৰাকী ব্যক্তিয়েই নিজৰ মাতৃভাষাক হৃদয়েৰে ভাল পায় । মাতৃভাষাৰ প্ৰচাৰ, প্ৰসাৰ কৰা আৰু সকলো ভাষা সংৰক্ষণ কৰাৰ উদ্দেশ্যৰে ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।
আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে আজি ৰাতাবাড়ি সমষ্টিৰ শনবিল এলেকাত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ । সোমবাৰে পুৱাৰ পৰা এছিয়া মহাদেশৰ দ্বিতীয় বৃহত্তম জলাসয় এই শনবিলৰ বালিচৰত আজি আয়োজন কৰা হয় চিলা উৎসৱৰ । চিলা উৎসৱৰ লগতে সংগতি ৰাখি আয়োজন কৰা হয় ৰংগোলী অঙ্কন প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ । বিভিন্ন ৰং আৰু আকাৰৰ 'চিলা' উৰুৱাই আনন্দ অনুভৱ কৰে উপস্থিত সকলোৱে ।
উল্লেখ্য যে যোৱা তিনি বছৰ ধৰি প্ৰতিবছৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে শনবিলত আয়োজিত হৈ আহিছে চিলা উৎসৱ । ইপিনে বিভিন্ন কাৰণত গৃহ বন্দী হৈ থকা শিশুসকলক পুনৰ খেলপথাৰলৈ উলিয়াই অনাটো এই চিলা উৎসৱৰ মূখ্য উদ্দেশ্য বুলি জনাইছে আয়োজকসকলে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|