• Home
  • »
  • News
  • »
  • assam
  • »
  • Kishor Das No More : ''আগতকৈ কেনেকুৱা দেখিছে কওকচোন আপোনালোকে? মইতো বহুত...'' চেন্নাইলৈ যোৱাৰ পূৰ্বে কিশোৰ দাসে কি কৈছিল হাঁহিমুখে

Kishor Das No More : ''আগতকৈ কেনেকুৱা দেখিছে কওকচোন আপোনালোকে? মইতো বহুত...'' চেন্নাইলৈ যোৱাৰ পূৰ্বে কিশোৰ দাসে কি কৈছিল হাঁহিমুখে

সকলোৰে সহায়-সমৰ্থন লভি কৃতজ্ঞ হোৱা দাসৰ প্ৰতি নিয়তিৰ নাছিল অনুকম্পা।

সকলোৰে সহায়-সমৰ্থন লভি কৃতজ্ঞ হোৱা দাসৰ প্ৰতি নিয়তিৰ নাছিল অনুকম্পা।

সকলোৰে সহায়-সমৰ্থন লভি কৃতজ্ঞ হোৱা দাসৰ প্ৰতি নিয়তিৰ নাছিল অনুকম্পা।

  • Share this:
প্ৰতিভাৱান অভিনেতা কিশোৰ দাসৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগত ম্ৰিয়মাণ। বহুকেইটা জনপ্ৰিয় গীতত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাগৰাকীয়ে অসমীয়া ধাৰাবাহিকৰ লগতে কথাছবিতো অভিনয় কৰিছিল।

কিন্তু নিয়তিয়ে তেওঁৰ প্ৰতিভাৰ পূৰ্ণ বিকাশৰ সুযোগ নিদিলে। আজি চেন্নাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে উদীয়মান শিল্পীগৰাকীয়ে (Assamese Actor Kishor Das)।

ৰক্ত কৰ্কটত আক্ৰান্ত অভিনেতা দাসক আৰোগ্য কৰাৰ বাবে অনুৰাগীকে ধৰি ৰাজ্যবাসী তথা চৰকাৰেও বহুখিনি সহায়-সমৰ্থন আগবঢ়াইছিল। তাৰ জোৰতে তেওঁ গুৱাহাটীৰ পৰা মুম্বাই আৰু মাৰ্চত গমন কৰিছিল চেন্নাইলৈ।

চেন্নাইলৈ যোৱাৰ পূৰ্বে কিশোৰ দাস আছিল সম্পূৰ্ণ আশাবাদী। হাঁহি হাঁহি তেওঁ কৈছিল তেওঁৰ চেন্নাই গমনৰ কথা আৰু তেওঁৰ আশাৰ কথা। সংবাদ মাধ্যমৰ ফালৰ পৰা তেওঁক সোধা হৈছিল তেওঁ কেনে পাইছে? হাঁহিৰে স্পষ্টভাৱে উত্তৰ দিছিল দাসে- ''আগতকৈ কেনেকুৱা পাইছে সেইটো কওকচোন আপোনালোকে? মইতো বহুত ভাল পাইছোঁ। কাৰণ খোজ কাঢ়িব পৰা নাছিলোঁ। খাব পৰা নাছিলোঁ। এতিয়া সকলোখিনি কৰিব পৰা হৈছোঁ। খাব পাৰিছোঁ আপোনালোকৰ আশীৰ্বাদত, অসমৰ শিল্পী, চৰকাৰৰ আশীৰ্বাদত।'' দাসে নিজৰ বন্ধু-বৰ্গ, গাঁওবাসী তথা ৰাইজৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছিল তেওঁলৈ দেখুওৱা সহায়-সমৰ্থনৰ বাবে।



সকলোৰে সহায়-সমৰ্থন লভি কৃতজ্ঞ হোৱা দাসৰ প্ৰতি নিয়তিৰ নাছিল অনুকম্পা। কৰ্কটৰ দৰে ৰোগত আক্ৰান্তৰ পিছত জীৱন ঘূৰাই পোৱাটোও সৌভাগ্যৰ কথা যদিও সেই সৌভাগ্যৰ অধিকাৰী নহ'ল দাস। আৰু শেষত প্ৰতিভাৰ উন্মেষ কালতে বিদায় মাগিলে তেওঁ (Kishor Das No More)।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি