• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনেও মানি ল'ব পৰা নাই তেওঁৰ মৃত্যু! চেন্নাইতে সম্পন্ন হ'ল কিশোৰৰ অন্ত্যেষ্টিক্রিয়া

কোনেও মানি ল'ব পৰা নাই তেওঁৰ মৃত্যু! চেন্নাইতে সম্পন্ন হ'ল কিশোৰৰ অন্ত্যেষ্টিক্রিয়া

দীৰ্ঘদিন ধৰি কিশোৰ দাসে কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল। প্ৰথম অৱস্থাত গুৱাহাটীত চলিছিল কিশোৰৰ চিকিত্‍সা।

  • Share this:
অসমলৈ অনা নহ'ল প্ৰয়াত অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ। চেন্নাইতে সম্পন্ন হ'ল কিশোৰৰ অন্ত্যেষ্টিক্রিয়া। পিছে কিশোৰৰ মৃত্যু কোনো লোকেই মানি লব পৰা নাই। কোনেও ভবা নাছিল, ইমান কম বয়সতে নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ যাব প্ৰতিভাৱান অভিনেতাজনক।

দীৰ্ঘদিন ধৰি কিশোৰ দাসে কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল। প্ৰথম অৱস্থাত গুৱাহাটীত চলিছিল কিশোৰৰ চিকিত্‍সা। পিছত উন্নত চিকিত্‍সাৰ বাবে কিশোৰক লৈ যোৱা হৈছিল মুম্বাইত। মুম্বাইত কিছুদিন চিকিত্‍সা গ্ৰহণৰ পিছত গুৱাহাটীলৈ উভতি আহিছিল প্ৰতিভাৱান অভিনেতাজন।

কিন্তু পৰৱৰ্তী সময়ত উন্নতমানৰ চিকিত্‍সাৰ বাবে চেন্নাইলৈ গৈছিল কিশোৰ। কৰ্কট ৰোগৰ চিকিত্‍সা চলি থকাৰ মাজতে কোভিডতো আক্ৰান্ত হয় অভিনেতাজন। আৰু অৱশেষত শনিবাৰে পুৱা চিকিত্‍সকৰ সকলো প্ৰচেষ্টা বিফল কৰি হাস্পতালৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে কিশোৰ দাসে।
Published by:Himangshu Bhuyan
First published: