কৃষকৰ বাবে এটা ভাল খবৰ! প্ৰতিমাহে পাব ৩ হাজাৰ টকা, কেনেকৈ?

এই পেঞ্চন আঁচনিৰ জৰিয়তে ৬০ বছৰ অতিক্ৰম কৰা ৫ কোটি কৃষকক ৩,০০০ পেঞ্চন দিয়াৰ সিদ্ধান্ত চৰকাৰৰ

News18-Assam
Updated:August 10, 2019, 3:54 PM IST
কৃষকৰ বাবে এটা ভাল খবৰ! প্ৰতিমাহে পাব ৩ হাজাৰ টকা, কেনেকৈ?
এই পেঞ্চন আঁচনিৰ জৰিয়তে ৬০ বছৰ অতিক্ৰম কৰা ৫ কোটি কৃষকক ৩,০০০ পেঞ্চন দিয়াৰ সিদ্ধান্ত চৰকাৰৰ
News18-Assam
Updated: August 10, 2019, 3:54 PM IST
কৃষকৰ সৈতে জড়িত পেঞ্চন আঁচনি প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ আৱদেন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে। এই পেঞ্চন আঁচনিৰ জৰিয়তে ৬০ বছৰ অতিক্ৰম কৰা ৫ কোটি কৃষকক ৩,০০০ পেঞ্চন দিয়াৰ সিদ্ধান্ত চৰকাৰৰ। যদি এই সুবিধা পাবলগীয়া কৃষকজনৰ মৃত্যুও ঘটে তেন্তে সেই ধনৰাশিৰ ৫০ শতাংশকৈ লাভ কৰিব তেওঁৰ পত্নীয়ে। এল আই চিয়ে পৰিচালনা কৰিব কৃষকৰ পেঞ্চন ফাণ্ড। এতিয়ালৈকে ৪১৮গৰাকী কৃষকে জড়িত হৈছে এই পেঞ্চনত। উল্লেখ্য যে যিমান প্ৰিমিয়াম কৃষকে দিব সম পৰিমাণে প্ৰিমিয়াম ভৰিব চৰকাৰেও। যদিহে আধাতে এৰিবলৈ বিচাৰে তেন্তে সুদসহ জমা কৰা ধনৰাশি ঘূৰাই পাব কৃষকে। যদি উপভোক্তাগৰাকীৰ মৃত্যু ঘটে তেন্তে প্ৰতিমাহে ১৫০০ টকাকৈ লাভ কৰিব তেওঁৰ পত্নীয়ে।

৯ আগষ্টৰ পৰা প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ বাবে আৱেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কৃষি মন্ত্ৰালয়ে। কৃষকৰ আয় দুগুণ কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সহায়ত চলি আছে ইয়াৰ কাম।

কিদৰে কৰিব আৱেদন?

প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ বিষয়ে অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে কৃষক কল চেণ্টাৰ নম্বৰ 1800-180-1551ত। ইয়াৰ বাহিৰেও সামান্য সেৱা কেন্দ্ৰ আৰু ৰাজ্যৰ নোডল অফিচাৰে কৰিব আৱেদন প্ৰক্ৰিয়া।
যাতে কিষাণৰ সৈতে জড়িত সকলো কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভ কৰে তাৰ বাবে অব্যাহত আছে প্ৰচেষ্টা। কৃষকৰ বাবে পূৰ্বেও আৰম্ভ কৰিছে বহু অভিলাষী আঁচনি। ১৮ৰ পৰা ৪০ বছৰ বয়সীয়া কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষক পেঞ্চন আঁচনিৰ সুবিধা।
এই আঁচনিৰ সুবিধা পাবলৈ আৱেদন কৰিবলৈ হ’লে আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক।
আৰু চাওক পৰৱৰ্তী বাতৰি