মুখ্যপৃষ্ঠা »খবৰ »অসম »'মুখ্যমন্ত্ৰীৰ ওপৰত আছে আস্থা বিশ্বাস, মোৰ পুত্ৰক উচিত ন্যায় দিয়ক তদন্তকাৰী বিষয়াই'-হাতজোৰ কৰি অনুৰোধ জনালে কীৰ্তিকমল বৰাৰ পিতৃয়ে

'মুখ্যমন্ত্ৰীৰ ওপৰত আছে আস্থা বিশ্বাস, মোৰ পুত্ৰক উচিত ন্যায় দিয়ক তদন্তকাৰী বিষয়াই'-হাতজোৰ কৰি অনুৰোধ জনালে কীৰ্তিকমল বৰাৰ পিতৃয়ে

অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত অহা তদন্তকাৰী দলটোৱে সমগ্ৰ ঘটনাৰ বিষয়ে কীৰ্তিকমলৰ পৰিয়ালৰ পৰা বুজ লয়।

অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত অহা তদন্তকাৰী দলটোৱে সমগ্ৰ ঘটনাৰ বিষয়ে কীৰ্তিকমলৰ পৰিয়ালৰ পৰা বুজ লয়।

অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত অহা তদন্তকাৰী দলটোৱে সমগ্ৰ ঘটনাৰ বিষয়ে কীৰ্তিকমলৰ পৰিয়ালৰ পৰা বুজ লয়।

  • Share this:
'মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে। তদন্তকাৰী বিষয়াই উচিত তদন্তৰ জৰিয়তে মোৰ পুত্ৰক ন্যায় প্ৰদান কৰিব।'- নগাঁও আৱৰ্ত ভৱনত সাক্ষ্যদানৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰিলে কীৰ্তিকমলৰ পিতৃ নীলকমল বৰাই।

উল্লেখযোগ্য যে, নগাঁও আৱৰ্ত ভৱনত শুকুৰবাৰে বিয়লি ৩ বজাত কীৰ্তিকমলৰ পিতৃ-মাতৃৰ লগতে ভাতৃ কৌস্তভকমল বৰা সাক্ষ্যদানৰ বাবে উপস্থিত হয় যদিও মাতৃ ৰাখীৰাণী বৰা হঠাৎ অসুস্থ হৈ পৰাত তেঁওক পৰিয়ালৰ লোকে ঘৰলৈ লৈ যায়। ইয়াৰ পিছতে তদন্তকাৰী দলটোৱে পিতৃ নীলকমল বৰা আৰু ভাতৃ কৌস্তভ কমল বৰাই তদন্তকাৰী কমিটীক সাক্ষ্যদান কৰে।

অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত অহা তদন্তকাৰী দলটোৱে সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ পৰা বুজ লয়। ইপিনে কীৰ্তিকমলৰ হৈ সাক্ষ্যদান কৰিবলৈ আৱৰ্ত ভৱনলৈ কঁচলুখোৱাৰ পৰা যথেষ্টসংখ্যক লোকৰো সমাগম ঘটে। আনহাতে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰত জড়িত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ প্ৰতিজন সদস্যকে পৃথকে পৃথকে জেৰা চলাইছে তদন্তকাৰী দলে।

শেহতীয়া বাতৰি