'বিজেপিয়ে ৫ খন আসন লাভ কৰাটো নিশ্চিত ৷ কোনো কাৰণত বিজেপিৰ আসন নকমে ৷ কংগ্ৰেছে ২ নহয় ১০ খন আসন পাব ৷' অধিক আত্মবিশ্বাসী কংগ্ৰেছক সমালোচনা বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷
ইপিনে মূল্যবৃদ্ধিকলৈও মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৷ ভৱেশ কলিতাই কয় যে, 'বজাৰৰ মূল্যবৃদ্ধি আমি মানি লৈছো ৷ বজাৰত সামগ্ৰী উভয়নদী হ'লে সামগ্ৰীৰ মূল্য কমিব ৷ অচিৰেই অসমত সুস্থিৰ পৰিবেশ আহিব ৷ অসমত হিমন্ত বিশ্বৰ নেতৃত্বৰত সামগ্ৰীৰ দাম নিম্নগামী হ'ব ৷ ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত উপ-নিৰ্বাচনত বিজেপিক ভোট দিছে জনতাই ৷' ৰাজ্যিক বিজেপিৰ সভাপতিৰ মতে কিয় ভূটানত কম পেট্ৰ'ল-ডিজেলৰ মূল্য?
এই সন্দৰ্ভত ভৱেশ কলিতাই কয় যে, ' ভূটানত পেট্ৰল ডিজেলৰ মূল্য কম ৷ কাৰণ তাত ৰজাৰ শাসন। ভূটানৰ দৰে ভাৰত নহয় ৷ কিদৰে ভূটান চলে কোনোৱাই যদি নাজানে মই জনাই দিম৷ সেয়েহে তাত মূল্য কম ৷'