LEAD Technologies Inc. V1.01
ডিব্ৰুগড়ৰ দুজন দালালে প্ৰথমে সহজে ধন ঘটাৰ প্ৰলোভন দিয়াৰ লগতে বহু লাখ টকাৰ মালিক হোৱাৰ সপোন দেখুৱায়।
ডিব্ৰুগড়ত এটাৰ পিছত এটাকৈ উন্মোচিত হৈছে মানৱ অংগ ব্যৱসায়ৰ কাহিনী। দৰিদ্ৰ পৰিয়ালৰ সহজ সৰল লোকক লক্ষ্য কৰি লৈছে মানৱ অংগ সৰবৰাহকাৰীয়ে। ডিব্ৰুগড়ৰ চেঙেলীজান চাহ বাগিচা, বকপাৰা চাহ বাগিচাৰ লগতে জামিৰা চাহ বাগিচাতো জাল পেলাইছিল দালাল চক্ৰই।
ডিব্ৰুগড়ৰ লাহোৱাল থানাৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অৰ্ন্তগত চেঙেলীজান চাহ বাগিচাৰ ৰামু কৰ্মকাৰ নামৰ চাহ শ্ৰমিকজনৰ লগতে আন এজন শ্ৰমিকৰ কিডনী দালাল চক্ৰই কৌশলৰে কলকাতাত বিক্ৰী কৰে। আনহাতে, বাগিচাখনৰ তিনিগৰাকী লোক এতিয়াও কলকাতালৈ গৈ ঘূৰি অহা নাই।
জানিব পৰা মতে, ডিব্ৰুগড়ৰ দুজন দালালে প্ৰথমে সহজে ধন ঘটাৰ প্ৰলোভন দিয়াৰ লগতে বহু লাখ টকাৰ মালিক হোৱাৰ সপোন দেখুৱায়। তাৰ পাছত কৌশলেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰে আৰু গুৱাহাটীত থকা নিৰ্দিষ্ট মধ্যভোগীৰ সহায়ত কলকাতালৈ নি কিডনী বিক্ৰী কৰে।
বকপৰা চাহ বাগিচাৰ হাতীমুৰা লাইনৰ অজয় কৰ্মকাৰে কিডনী বিক্ৰী কৰাৰ বিনিময়ত ৩ লাখ ৫০ হাজাৰত চুক্তিবদ্ধ হৈছিল যদিও কিডনী শৰীৰৰ পৰা লৈ যোৱাৰ পাছত মাত্ৰ ২ লাখ ৫০ হাজাৰহে লাভ কৰে। ডিব্ৰুগড়ৰ জামিৰা চাহ বাগিচাৰ ম'হমাৰী লাইনৰ ৰমেন কৈৰী নামৰ লোকজনেও দালালৰ দ্বাৰা প্ৰলোভিত হৈ কলকাতাত কিডনী বিক্ৰী কৰে। ৰমেনে ঘৰুৱা কামত গুৱাহাটীলৈ গৈছিল আৰু তাতেই পৰিচয় হৈছিল কিৰণ দে নামৰ ব্যক্তিজনৰ সৈতে আৰু কিৰণে ৰমেনক প্ৰলোভিত কৰি নিজৰ জালত পেলাই কলকাতালৈ নি বিক্ৰী কৰিবলৈ বাধ্য কৰে নিজ শৰীৰৰ অমূল্য সম্পদ কিডনী। ইয়াৰ বাবদ প্ৰায় তিনি লাখ টকা লাভ কৰে ৰমেন কৈৰীয়ে। আনহাতে, প্ৰায় দুমাহৰ পূৰ্বে নিজ কিডনী বিক্ৰী কৰা ৰমেন কৈৰীৰ দেহত এতিয়াও চিলাই শুকুৱা নাই। সম্পূৰ্ণ সুস্থ নোহোৱাকৈয়ে ৰমেন কৈৰীক হাস্পতালৰ পৰা ছুটী দিয়া হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|