২০ ফ্ৰেব্ৰৱাৰীৰ নিশা দক্ষিণ কামৰূপৰ মিৰ্জা মিলনপুৰ নিবাসী ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ ওৰফে মণি অপহৃত হৈছিল।
২০ ফ্ৰেব্ৰৱাৰীৰ নিশা দক্ষিণ কামৰূপৰ মিৰ্জা মিলনপুৰ নিবাসী ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ ওৰফে মণি অপহৃত হৈছিল।
অৱশেষত ১০ দিনৰ পিছত উদ্ধাৰ হ’ল দক্ষিণ কামৰূপৰ মিৰ্জাৰ ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ ওৰফে মণি। আৰক্ষীৰ জালত পৰিল অপহৰণ কাণ্ডৰ লগত জড়িত তিনি অভিযুক্ত।
২০ ফ্ৰেব্ৰৱাৰীৰ নিশা দক্ষিণ কামৰূপৰ মিৰ্জা মিলনপুৰ নিবাসী ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ ওৰফে মণি অপহৃত হৈছিল। অৱশেষত সোমবাৰে নিশা গোপন সূত্ৰৰ পমখেদি পলাশবাৰী আৰক্ষীৰ নেতৃত্বত তথা কামৰূপ আৰক্ষীৰ সহযোগত অপহৃত ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক চানডুবিৰ কাষাৰীয়া অসম–মেঘালয় সীমান্তৰ দুৰ্গম পাহাৰৰ ৰাজাপাৰাৰ পৰা সোমবাৰে নিশা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এই অপহৰণ কাণ্ডৰ লগত জড়িত তিনি অপৰাধী ক্ৰমে ৰাহুল প্ৰধান (লোহাৰঘাট), খ্ৰীষ্ট বসুমতাৰী (বাক্সা) আৰু আশ্ৰফ আলীক (বৰপেটা) কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আন চাৰি অভিযুক্ত বিনয় বড়ো, প্ৰাঞ্জল ৰাভা, বৰলা ৰাভা আৰু গণেশ দাস পলাতক অৱস্থাত আছে বুলি মঙলবাৰে কামৰূপ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে এক সংবাদ মেলযোগে মন্তব্য কৰে।
আনহাতে উক্ত ঘটনাৰ লগত জড়িত আন চাৰিজনক কিছুদিন পূৰ্বেই গ্ৰেপ্তাৰ কৰিছিল। এই ঘটনাত জড়িত মুঠ সাতজন গ্ৰেপ্তাৰ হ’ল বুলি জানিবলৈ দি এয়া আৰক্ষীৰ বাবে বৃহৎ সফলতা বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।
আনহাতে, অপহৰণকাৰীয়ে পাঁচ কোটি টকা দাবী কৰিছিল যদিও ধন আদায় নিদিলে বুলি পৰিয়াল তথা আৰক্ষীয়ে জানিবলৈ দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|