NRC ৰ শুনানিৰ বাবে যোৱা বাছ দূৰ্ঘটনাগ্ৰস্ত,নিহত দুজন,আহত ২২ জন

দূৰ্ঘটনাৰ ফলত কৰুণ ভাবে মৃত্যুক সাৱটি লয় দুগৰাকী যুৱকে।

News18-Assam
Updated:August 5, 2019, 11:03 AM IST
NRC ৰ শুনানিৰ বাবে যোৱা বাছ দূৰ্ঘটনাগ্ৰস্ত,নিহত দুজন,আহত ২২ জন
দূৰ্ঘটনাৰ ফলত কৰুণ ভাবে মৃত্যুক সাৱটি লয় দুগৰাকী যুৱকে।
News18-Assam
Updated: August 5, 2019, 11:03 AM IST
দেওবাৰে নিশা মহানগৰৰ খানাপাৰাত সংঘটিত হোৱা শোকাৱহ পথ দূৰ্ঘটনাত নিহত হৈছে দুজন আৰু আহত হৈছে ২২ জন লোক।  দেওবাৰে মাজনিশা যোৰাবাটত দুৰ্ঘটনাগ্ৰস্ত হোৱা যাত্ৰীবাহী বাছখন সোণতলীৰ পৰা গোলাঘাটলৈ NRCৰ শুনানিৰ বাবে গৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ আলকাতৰা কঢ়িয়াই অনা এখন তীব্ৰবেগী ডাম্পাৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনৰ ওপৰত বাগৰি পৰে। ফলত বাছখনত থকা যাত্ৰী সকলৰ মাজত হাহাকাৰ লাগে।বাছখনত আছিল শিশু সহ ৫২ গৰাকী যাত্ৰী। ডাম্পাৰৰ আলকাতৰা পৰি দগ্ধ হয় বাছখনৰ বহু যাত্ৰী। আহত সকলক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।ইয়াৰে ১০ জনৰ অৱস্থা অতি সংকটজনক। আহতসকলৰ ভিতৰত ফাতেজান, আচৰাফুল ভূঞা, আমেলা খাতুন, ছাবিয়া খাতুন, মিজানুৰ ৰহমান আৰু ইয়াৰুল হক ভূঞাৰ অৱস্থা অতি গুৰুতৰ।

দূৰ্ঘটনাৰ ফলত কৰুণ ভাবে মৃত্যুক সাৱটি লয় দুগৰাকী যুৱকে। নিহত দুজনৰ নাম এলবাৰ্ট নংৰুং আৰু বনি নাৰলেং বুলি জানিব পৰা গৈছে।নিহত দুয়োজন যুৱক আহিছিল বাইকেৰে।দুৰ্ঘটনা সংঘটিত কৰা বাছত খুন্দা মাৰিছিল দুই বাইক আৰোহীয়ে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি