খানাপাৰাত শোকাৱহ পথ দূৰ্ঘটনা, আলকাতৰা কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল বাছৰ ওপৰত!

মাজনিশা যোৰাবাটত দুৰ্ঘটনাগ্ৰস্ত সোণতলীৰ পৰা গোলাঘাটলৈ NRCৰ শুনানিৰ বাবে যোৱা বাছ

News18-Assam
Updated:August 5, 2019, 8:16 AM IST
খানাপাৰাত শোকাৱহ পথ দূৰ্ঘটনা, আলকাতৰা কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল বাছৰ ওপৰত!
মাজনিশা যোৰাবাটত দুৰ্ঘটনাগ্ৰস্ত সোণতলীৰ পৰা গোলাঘাটলৈ NRCৰ শুনানিৰ বাবে যোৱা বাছ
News18-Assam
Updated: August 5, 2019, 8:16 AM IST
দেওবাৰে নিশা মহানগৰৰ খানাপাৰাত সংঘটিত হয় এক শোকাৱহ পথ দূৰ্ঘটনা।আলকাতৰা কঢ়িয়াই অনা তীব্ৰবেগী ডাম্পাৰ বাগৰি পৰিল বাছখনৰ ওপৰত। মাজনিশা যোৰাবাটত দুৰ্ঘটনাগ্ৰস্ত হোৱা যাত্ৰীবাহী বাছখন সোণতলীৰ পৰা গোলাঘাটলৈ NRCৰ শুনানিৰ বাবে গৈছিল। কিন্তু আলকাতৰা কঢ়িয়াই অনা তীব্ৰবেগী ডাম্পাৰ খন খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনৰ ওপৰত বাগৰি পৰে ।



বাছখনত আছিল শিশু সহ ৫২ গৰাকী যাত্ৰী। ডাম্পাৰৰ আলকাতৰা পৰি দগ্ধ হয় বাছখনৰ বহু যাত্ৰী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাছ খনত থকা ২৪ গৰাকী যাত্ৰী। ঘটনাত আহত সকলক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।



আহত সকলৰ ভিতৰত ১০ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সোণতলীৰ শেলেসুতিৰ পৰা NRCৰ শুনানিৰ বাবে বাছখনত গোলাঘাটলৈ গৈছিল ৪৪ জন লোক।

আহতসকলৰ ভিতৰত ফাতেজান, আচৰাফুল ভূঞা, আমেলা খাতুন, ছাবিয়া খাতুন, মিজানুৰ ৰহমান আৰু ইয়াৰুল হক ভূঞাৰ অৱস্থা সংকটজনক।
আৰু চাওক পৰৱৰ্তী বাতৰি