খালছা চেণ্টাৰ নৰ্থ-ইষ্টৰ মহানুভৱতা! প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত যোগান ধৰিলে ২৮হাজাৰ লিটাৰ পানী

শুকুৰবাৰে পুৱাই এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছিল ঘোৰামৰাস্থিত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত ৷
শুকুৰবাৰে পুৱাই এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছিল ঘোৰামৰাস্থিত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত ৷
- News18 Assam
- Last Updated: June 12, 2020, 11:31 PM IST
শুকুৰবাৰে পুৱাই এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছিল ঘোৰামৰাস্থিত প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সত ৷ কমপ্লেক্সৰ এম ব্লকৰ এগৰাকী আৱাসীৰ দেহত হোম কোৱাৰেণ্টাইন হৈ থকা অৱস্থাতে পোৱা গৈছিল কোৰোণা অৱস্থিতি ৷
মুম্বাইৰ পৰা ৫ জুনত অহা যুৱতীগৰাকীক নিশাই প্ৰশাসনে ভৰ্তি কৰালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৷ সমস্যাৰ সৃষ্টি হ'ল পুৱা ৷ কোনো লোকক প্ৰাগজ্যোতিষ হাউচিঙৰ বাহিৰলৈ যোৱা বা ভিতৰলৈ অহাত দিয়া হ'ল বাধা ৷ বিপদৰ কথাটো হ'ল ৩২০টা পৰিয়াল থকা কমপ্লেক্সটোত চূড়ান্ত নাটনি পানীৰ ৷ পানী ক্ৰয় নকৰাকৈ চলিব নোৱাৰে হাউচিঙক কোনো আৱাসীয়ে ৷ বাহিৰৰ পৰা পানীৰ গাড়ী সোমোৱাত বাধা দিয়াত সৃষ্টি হ'ল সমস্যাৰ ৷
‘News18ত বাতৰি দেখিছিলো পুৱা ৷ পানীৰ গভীৰ সমস্যাৰ কথা জানিব পাৰি আমি ২৮হাজাৰ লিটাৰ খালছা চেণ্টাৰ নৰ্থ-ইষ্টে যোগান ধৰিলো ৷ এটা কথা ভাল হ'ল যে, হাউচিঙটো সম্পূৰ্ণকৈ কণ্টেইনমেণ্ট জ'ন নকৰি কেৱল এম ব্লকটোহে কৰিলে ৷ আমি সদায় সকলোকে সহায়ৰ হাত আগবঢ়াই আহিছো ৷ এই কাম আমি কৰি যাম ৷’