আজি বিশ্ব গঁড় দিৱস৷ আজিৰ এই বিশেষ দিনটোত ৰাজ্যবাসীৰ বাবে ভাল খবৰ৷ National Geographyত মুকলি হ’ব ক্ৰিকেটাৰ কেভিন পিটাৰ্ছনে কাজিৰঙাৰ গঁড়ৰ ওপৰত নিৰ্মাণ কৰা তথ্য চিত্ৰ 'Save This Rhino -- India'I
উল্লেখযোগ্য যে মাৰ্চ মাহত ক্ৰিকেটাৰ পিটাৰ্ছনে কাজিৰঙাৰ গঁড়ৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ বাবে এটা শ্বুটিং ইউনিটসহ উপস্থিত হৈছিল কাজিৰঙাত৷ প্ৰায় দুসপ্তাহ ধৰি কাজিৰঙাত বাহৰ পতা পিটাৰ্ছনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনজীৱন তথা সংস্কৃতিৰো চিত্ৰ গ্ৰহণ কৰে৷ বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ লগত ক্ৰিকেট খেলাৰ পৰা আৰম্ভ কৰি বজাৰৰ দৃশ্যও বন্দী হয় পিটাৰ্ছনৰ কেমেৰাত৷
কাজিৰঙাত চিত্ৰগ্ৰহণ সমাপ্ত কৰি নিজ দেশলৈ উভতি যোৱা পিটাৰ্ছনে প্ৰায় ছমাহৰ বিৰতিৰ পিছত আজি মুকলি কৰিব তথ্যচিত্ৰখন৷ আনহাতে বিশ্ব গঁড় দিৱসৰ দিনা মুকলি হ’বলগীয়া তথ্যচিত্ৰখনক লৈ আনন্দিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ৷ উদ্যান কৰ্তৃপক্ষৰ মতে, বিশ্বৰ পাঁচটা গঁড়ৰ প্ৰজাতিৰ ভিতৰত এশিঙীয়া গঁড়ৰ ৭০ শতাংশৰ বিচৰণ ভূমি কাজিৰঙা৷ যিটো অসম বাসীৰ বাবে গৌৰৱৰ বিষয়৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 22, 2020, 10:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|