মুখ্যপৃষ্ঠা »খবৰ »অসম »কেতিয়ালৈ সাজু হ'ব ৮খন নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়, পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

কেতিয়ালৈ সাজু হ'ব ৮খন নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়-চিকিৎসালয়, পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

নিৰ্মাণকাৰ্যৰ গুণগত মানত যাতে কোনোধৰণৰ সুৰুঙা নাথাকে তথা নিৰ্ধাৰিত সময়ত কাম শেষ কৰিবলৈ নিৰ্দেশ

নিৰ্মাণকাৰ্যৰ গুণগত মানত যাতে কোনোধৰণৰ সুৰুঙা নাথাকে তথা নিৰ্ধাৰিত সময়ত কাম শেষ কৰিবলৈ নিৰ্দেশ

নিৰ্মাণকাৰ্যৰ গুণগত মানত যাতে কোনোধৰণৰ সুৰুঙা নাথাকে তথা নিৰ্ধাৰিত সময়ত কাম শেষ কৰিবলৈ নিৰ্দেশ

  • Share this:

ৰাজ্যত নিৰ্মীয়মাণ ৮খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰাত বিশেষ অগ্ৰাধিকাৰ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। লখিমপুৰ, নলবাৰী, তিনিচুকীয়া, নগাঁও, ধুবুৰী, কোকৰাঝাৰ, বিশ্বনাথ আৰু চৰাইদেউত নিৰ্মাণ কৰা নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি আজি পৰ্যালোচনা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়কেইখনৰ নিৰ্মাণকাৰ্য ক্ষিপ্ৰতাৰে আগবঢ়াবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে লোকনিৰ্মাণ (গৃহ) বিভাগক নিৰ্দেশ দিয়ে।


ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সচিব সিদ্ধাৰ্থ সিং, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী আৰু লোকনিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ লগতে এই চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়কেইখন নিৰ্মাণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে গুৱাহাটীস্থিত এনএইচএমৰ ৰাজ্যিক কাৰ্যালয়ত বৃহস্পতিবাৰে সন্ধিয়া স্বাস্থ্যমন্ত্ৰী মহন্তই এখন বৈঠকত মিলিত হৈ নতুন চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় আঠখনৰ অগ্ৰগতিৰ পুংখানুপুংখভাৱে খতিয়ান লয়।


প্ৰায় ৩ ঘণ্টা ধৰি চলা বৈঠকত বিভাগীয় মন্ত্ৰীগৰাকীয়ে এখন এখনকৈ কেউখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনাৰ লগতে এইক্ষেত্ৰত দেখা দিয়া অসুবিধা তথা আন আনুষংগিক দিশসমূহৰ বিষয়েও মুকলিমূৰীয়াকৈ বিভাগীয় বিষয়া আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানল প্ৰতিনিধিৰ সৈতে আলোচনা কৰে।


বৈঠকত লোকনিৰ্মাণ বিভাগ আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ফালৰ পৰা অৱগত কৰা মতে, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য অহা ৩১ ডিচেম্বৰৰ পূৰ্বেই সম্পূৰ্ণ হৈ উঠিব। একেদৰে, ইতিমধ্যে প্ৰায় ৭৭ শতাংশ কাম সম্পূৰ্ণ হোৱা নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় অহা মাৰ্চৰ ভিতৰত মুকলি কৰিব পৰাকৈ সম্পূৰ্ণ হৈ উঠিব। ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় অহা মাৰ্চত আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য অহা বছৰৰ ডিচেম্বৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব বুলি বৈঠকত নিৰ্মাণকাৰী প্ৰতিষ্ঠানে প্ৰকাশ কৰে।


ইতিমধ্যে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য ইতিমধ্যে ৪৬ শতাংশ সম্পূৰ্ণ হৈছে। ইফালে, বৰ্তমানলৈকে প্ৰায় ৫৩ শতাংশ কাম আগবঢ়া তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য অহা বছৰৰ মে'ত সম্পূৰ্ণ কৰা হ'ব বুলি বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীক প্ৰতিশ্ৰুতি দিয়ে ইয়াৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা প্ৰতিষ্ঠান এনচিচিয়ে।


তদুপৰি, নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যও এতিয়ালৈকে প্ৰায় ৫০ শতাংশ আগবাঢ়িছে। আনহাতে, বিশ্বনাথ আৰু চৰাইদেউ, কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় দুখনৰ ক্ষেত্ৰত সদ্যহতে তেনেই প্ৰাৰম্ভিক পৰ্যায়ৰ নিৰ্মাণ কাৰ্যহে আৰম্ভ হৈছে। এই দুয়োখন  কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদৰ ভূমি উন্নীতকৰণ আৰু সীমাৰ দেৱাল নিৰ্মাণৰ কামহে বৰ্তমান আৰম্ভ কৰা হৈছে।


পৰ্যালোচনা কালত বিভাগীয় মন্ত্ৰীগৰাকীয়ে কেউখন কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ গুণগত মানত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে, তাৰ প্ৰতি চোকা নজৰ ৰাখিবলৈ লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে ৷

শেহতীয়া বাতৰি