চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ। বৰ্তমান নিৰ্ধাৰিত বয়সতকৈ অৱসৰ সীমা বৃদ্ধিৰ সময়-সীমা প্ৰকট হৈ পৰিছে। এই সিদ্ধান্ত গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে কেৰালা চৰকাৰ। শেহতীয়াকৈ প্ৰাক্তন আইএএছ বিষয়া কে মোহন দাসৰ নেতৃত্বত গঠিত ১১তম দৰমহা সংশোধনী আয়োগে কেৰালা চৰকাৰক এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনখনে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৰ্তমানৰ ৫৬ বছৰৰ পৰা ৫৭ বছৰলৈ বৃদ্ধি কৰাকে ধৰি কেইবাটাও পৰামৰ্শ দিছে।
প্ৰতিবেদনত আয়োগে পৰামৰ্শ দিছে যে, চৰকাৰে অৱসৰৰ পথত থকা কৰ্মচাৰীসকলৰ অৱসৰৰ বয়সৰ সীমা এবছৰলৈ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত অৱসৰ পাবলগীয়া কৰ্মচাৰীসকলক চৰকাৰে পৰিশোধ কৰিবলগীয়া ধনৰাশি কিছু সময়ৰ বাবে ধৰি ৰাখিব পৰাৰ সুবিধা পাব। প্ৰতিবেদনত কোৱা হৈছে আন বহুতো ৰাজ্যত অৱসৰৰ বয়স কেৰালাৰ তুলনাত অধিক। ৰাজ্যখনত প্ৰতিবছৰে প্ৰায় ২০,০০০ কৰ্মচাৰীয়ে অৱসৰ লয়। অৱসৰৰ বয়স এবছৰ বৃদ্ধি কৰিলে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক প্ৰদান কৰিব লগা বিত্তীয় পুঁজিৰ ক্ষেত্ৰত চৰকাৰে অস্থায়ী সকাহ পাব।
- First Published :