অসম–বংগ সীমান্তৱৰ্তী পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ বাৰবিশাত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এটা এটা কেংগাৰু।
অসম–বংগ সীমান্তৱৰ্তী পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ বাৰবিশাত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এটা এটা কেংগাৰু।
ৰাজ্যখনত দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ এটা বৃহৎ চক্ৰ। এই চোৰাং চিকাৰীৰ চক্ৰটো দেশখনৰ বিভিন্ন প্ৰান্তত সিচৰতি হৈ আছে। আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ চক্ৰটোৱে দেশ–বিদেশৰ জীৱ–জন্তু অবৈধভাৱে সৰবৰাহত জড়িত হৈ আছে। শনিবাৰে অসম–বংগ সীমান্তৱৰ্তী আলিপুৰদুৱাৰ জিলাৰ কুমাৰগ্ৰাম আৰক্ষীয়ে অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথত অসমৰ পৰা হায়দৰাবাদ অভিমুখী ট্ৰাকৰ পৰা এটা কেংগাৰু উদ্ধাৰ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় চোৰাং চিকাৰীৰ চক্ৰটোৰ লগত জড়িত দুজনক আটক কৰে।
উল্লেখ্য যে অসম–বংগ সীমান্তৱৰ্তী পশ্চিম বংগৰ আলিপুৰদুৱাৰ জিলাৰ বাৰবিশাত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে এটা এটা কেংগাৰু। গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ অবৈধভাৱে সৰবৰাহৰ সময়ত কুমাৰগ্ৰাম থানাৰ বাৰবিশা আৰক্ষী চকীৰ আৰক্ষীয়ে উদ্ধাৰ কৰে কেংগাৰুটো। আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী হায়দৰাবাদৰ বাসিন্দা ইমৰান শ্বেখ আৰু জায়েদ শ্বেখক।
অন্ধ্র প্রদেশৰ নম্বৰ প্লেট থকা এখন খালী ট্ৰাকত ত্রিপালৰ ভিতৰত লুকুৱাই আনিছিল কেংগাৰুটো। অষ্ট্ৰেলিয়ান কেংগাৰুটো কোনে ক’ৰ পৰা গুৱাহাটীলৈ আনিছিল আৰু পিছৰ পৰ্যায়ত হায়দৰাবাদৰ পৰা ক'লৈ নিয়াৰ পৰিকল্পনা কৰিছিল তাৰ কোনো তথ্য লাভ কৰা হোৱা নাই। ইতিমধ্যে আলিপুৰদুৱাৰ জিলাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|