মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা দুজনৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে অঞ্চলটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে। দৰঙত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড–১৯ত আক্ৰান্তৰ সংখ্যা। মঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে পুৱতিনিশা ভৰ্তি কৰোৱা হ'ল আন দুজন কোভিড আক্ৰান্ত ব্যক্তিক। এই দুজনকে ধৰি মঙলদৈ অসামৰিক চিকিৎসালয়ত থকা কোভিড আক্ৰান্তৰ সংখ্যা ৪ জনলৈ বৃদ্ধি পালে।
উল্লেখ্যযোগ্য যে পূৰ্বৰে পৰা চিকিৎসালয়খনত আমিৰুল ইছলাম আৰু নিজামুদ্দিন আলী নামৰ দুজন কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছিল। শনিবাৰে পুৱতিনিশা ভৰ্তি কৰোৱা লোক দুজন হ'ল নন্দ বৰ্মন আৰু জালাল আলী। নন্দ বৰ্মনৰ ঘৰ ছিপাঝাৰ নামখলাৰ আঠিয়াবাৰীত হোৱাৰ বিপৰীতে জালাল আলীৰ ঘৰ খাৰুপেটীয়াৰ বৰুৱাঝাৰত।
নন্দ বৰ্মন চেন্নাইৰ এখন ৰেষ্টুৰেণ্টত কৰ্মৰত হৈ আছিল আৰু যোৱা ২৬ মে'ত ৰে’লযোগে আহি দৰঙত উপস্থিত হৈছিল। আনহাতে জালাল আলী মধ্য প্ৰদেশত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল আৰু ২৫ মে'ত আহি দৰঙত উপস্থিত হৈছিল। দৰঙত উপস্থিত হোৱাৰ পিছৰে পৰা দুয়োজন কেন্দ্ৰীয় বিদ্যালয়, মঙলদৈৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল।
ইফালে, আমিৰুল ইছলামৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক থকা ৮জন ব্যক্তিও মঙলদৈ অসামৰিক চিকিৎসালয়ৰ "ছাচপেক্টেড ৱাৰ্ড"ত ভৰ্তি হৈ আছে। কণ্টেইনমেণ্ট জ'নৰ নিকটৱৰ্তী লোকসকলৰ নমুনা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে জিলা স্বাস্থ্য বিভাগে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|