নিৰ্ধাৰিত এটা দিনত ১০০০ কোৰোণা ৰোগী ধৰা পৰিলেহে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হ’ব।
নিৰ্ধাৰিত এটা দিনত ১০০০ কোৰোণা ৰোগী ধৰা পৰিলেহে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হ’ব।
শিক্ষা বিভাগৰ প্ৰধান সচিবৰ বিভ্ৰান্তিমূলক এক নিৰ্দেশনাক কেন্দ্ৰ কৰিয়ে আজিৰে পৰা ৪ মে’ পৰ্যন্ত সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি ইতিপূৰ্বে বাতৰি প্ৰকাশ পাইছিল যদিও কামৰূপ মহানগৰৰ উপায়ুক্তই এক স্পষ্টীকৰণযোগে এইপৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা নাই বুুলি স্পষ্টীকৰণ প্ৰদান কৰিছে। উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাৰ ভাগত শিক্ষা বিভাগৰ প্ৰধান সচিবগৰাকীৰ নিৰ্দেশনাত কোৱা হৈছিল যে, ১০০০ কোভিড পজিটিভ ৰোগী ধৰা পৰিলেই কামৰূপ মহানগৰ উপায়ুক্ত তথা জিলা দণ্ডাধীশে জিলাখনৰ সমূহ শিক্ষানুষ্ঠান বন্ধ কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছে ৷
ইফালে বৃহস্পতিবাৰৰ দিনটোতে সন্ধিয়া পৰ্যন্ত ৬৮০গৰাকী কোভিড পজিটিভ ৰোগী ধৰা পৰা কামৰূপ মহানগৰত ইতিমধ্যে কোভিড পজিটিভ ৰোগীৰ সংখ্যাই ৩০০০ৰ ঘৰ অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিততে উক্ত নিৰ্দেশনাৰ ভিত্তিত ৪ মে’ পৰ্যন্ত শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি বিভিন্ন মাধ্যমত বাতৰি প্ৰকাশিত হৈছিল।
কিন্তু নিশা প্ৰায় ৯ বজাত জিলা উপায়ুক্তই স্পষ্ট কৰে যে, নিৰ্ধাৰিত এটা দিনত ১০০০ কোৰোণা ৰোগী ধৰা পৰিলেহে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হ’ব। কিয়নো শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নিৰ্দেশনাত এই কথা স্পষ্ট কৰি দিয়া আছিল। সেয়েহে শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা শুকুৰবাৰ অথবা শনিবাৰৰ পৰাও কাৰ্যকৰী হ’ব পাৰে। এই কথাও সচাঁ যে, একেটা দিনতে ১০০০ ৰোগী নোলালে সামগ্ৰিকভাৱে মহানগৰীত বৃহৎ সংখ্যক ৰোগী ধৰা পৰিলেও শিক্ষানুষ্ঠান বন্ধৰ সম্ভাৱনা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|