உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Arranged 2 Release: জনপ্ৰিয় চুটি ছবি 'এৰেঞ্জ'ৰ দ্বিতীয় সংস্কৰণ অনলাইন প্লেটফৰ্মত মুক্তি

    Arranged 2 Release: জনপ্ৰিয় চুটি ছবি 'এৰেঞ্জ'ৰ দ্বিতীয় সংস্কৰণ অনলাইন প্লেটফৰ্মত মুক্তি

    এক বিবাহিত মধ্যবয়স্ক দম্পতীৰ প্ৰেম তথা জীৱনৰ আধাৰত নিৰ্মিত এই চুটি ছবি।

    এক বিবাহিত মধ্যবয়স্ক দম্পতীৰ প্ৰেম তথা জীৱনৰ আধাৰত নিৰ্মিত এই চুটি ছবি।

    এক বিবাহিত মধ্যবয়স্ক দম্পতীৰ প্ৰেম তথা জীৱনৰ আধাৰত নিৰ্মিত এই চুটি ছবি।

    • Share this:

    কোভিড-১৯ৰ লকডাউনৰ সময়ত এটা বিবাহিত মধ্যবয়স্ক দম্পতীৰ প্ৰেম তথা জীৱনৰ আধাৰত নিৰ্মিত সৰল কাহিনী আছিল 'এৰেঞ্জ'। কে চি ডিজিটেল ফিল্মছৰ দ্বাৰা নিৰ্মিত এই সৰল কাহিনীৰ আন এটা খণ্ড এৰেঞ্জ-২ (Arranged 2) কালি মুক্তি দিয়া হয়।


    অনলাইন প্লেটফৰ্মত মুক্তি লাভ কৰা চুটি ছবি এৰেঞ্জ-২ৱেও পূৰ্বৰ দৰে জনপ্ৰিয়তা অৰ্জন কৰাৰ আশা কৰা হৈছে। চুটি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে লিমা দাস (Dr. Lima Das) আৰু ৰঞ্জীৱ লাল বৰুৱা (Ranjeev Lal Baruah)ই। চুটি ছবিখনৰ কাহিনীকাৰ হৰ্ষ সিদ্ধান্ত। চুটি ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপক পৰিচালক সমুজ্জল কাশ্যপে।



    ছবিখনত সংগীত পৰিচালনা কৰিছে ৰূপম ভূঞা আৰু ৰাকেশ বড়োৱে, নগেন বৈশ্যৰ দৃশ্যগ্ৰহণ আৰু ছবিখন সম্পাদনা কৰিছে গৌতম মজুমদাৰে। চুটি ছবি এৰেঞ্জ-২ত দেখা যাব দম্পতীটোৰ যাত্ৰাৰ আন এক হৃদয়স্পৰ্শী অধ্যায়। উদয়ন দুৱৰাই এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব এই সংস্কৰণত।


     

    সম্প্ৰতি ইউটি‍উবত চুটি ছবিখন দৰ্শকে আঁকোৱালি লোৱা দেখা গৈছে। ইউটিউবত ৫.৮ লাখৰো অধিক দৰ্শন আৰু ৩ হাজাৰ কমেণ্ট লাভ কৰিছে ছবিখনে। এৰেঞ্জ-২ৱেও দৰ্শকৰ পৰা সঁহাৰি পোৱাৰ আশা কৰিছে কে চি ডিজিটেল ফিল্মছ (KC Digital Films)ৰ কলা-কুশলীয়ে।


    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: