KBC ত অসম কন্যা হিমা দাস, অমিতাভ বচ্চনৰ প্ৰশ্নৰ উত্তৰ অসমীয়াতে দিলে হিমাৰ পিতৃয়ে

‘Kaun Banega Crorepati’ত অসম কন্যা হিমা দাস

News18-Assam
Updated:November 2, 2019, 10:46 AM IST
KBC ত অসম কন্যা হিমা দাস, অমিতাভ বচ্চনৰ প্ৰশ্নৰ উত্তৰ অসমীয়াতে দিলে হিমাৰ পিতৃয়ে
‘Kaun Banega Crorepati’ত অসম কন্যা হিমা দাস
News18-Assam
Updated: November 2, 2019, 10:46 AM IST
‘Kaun Banega Crorepati’ত অসম কন্যা হিমা দাস। ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে অনুষ্ঠানটোত নিজৰ সফলতাৰ বহু অপ্ৰকাশিত কথা ৰাজহুৱা কৰে। হিমাৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ ছেহৱাগ আৰু স্প্লিণ্টাৰ দ্যুতি চান্দ। হিমাই অংশগ্ৰহণ কৰা অনুষ্ঠানটোত দৰ্শকৰ মাজত আছিল হিমাৰ পিতৃও।

অমিতাভ বচ্চনে হিমাৰ পিতৃৰ পৰা হিমাৰ বিষয়ে কিছু কৰা জানিব খোজাত তেওঁ অসমীয়াতে দিয়ে উত্তৰ। কিদৰে আৰ্থিক সংকটৰ মাজেৰে তেখেতে ঘৰ খন চোৱা চিটা কৰিব লগীয়া হৈছিল। এজন ক্ষুদ্ৰ পাচলিৰ দোকান দি ঘৰ খন পোহপাল দিয়া হিমাৰ পিতৃয়ে কিমান কষ্টৰ মাজেৰে হিমাক আগবঢ়াই নিব লগীয়া হৈছিল, সেই কথাও উল্লেখ কৰে KBC ৰ মঞ্চত। পিছত হিমাই পিতৃয়ে অসমীয়াতে কোৱা কথা খিনি হিন্দীলৈ অনুবাদ কৰি জনাই অমিতাভ বচ্চনক।

চাওক ভিডিঅ’

আৰু চাওক পৰৱৰ্তী বাতৰি