কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত ক'ভিড আক্ৰান্ত পৰ্যটকক বিচাৰি অভিযান বোকাখাত মহকুমা প্ৰশাসনৰ। বিদেশৰ পৰা অহা এটা পৰ্যটকৰ দলৰ এগৰাকী লোক আক্ৰান্ত ক'ভিড-১৯ ত। গুৱাহাটী বিমান বন্দৰত কৰা RTPCR পৰীক্ষাৰ ফলাফল ওলোৱাৰ পাছতে স্বাস্থ্য বিভাগে বিচাৰি ফুৰা পৰ্যটকগৰাকী ওলাল দুৰ্গাপুৰ গাঁওস্থিত কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত।
পৰ্যটকগৰাকীয়ে তেওঁৰ লগত অহা দলটোৰ সৈতে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ উদ্যানত উপভোগ কৰি আছিল সাংস্কৃতিক অনুষ্ঠান। উদ্যান দৰ্শন কৰি নৈশ যাপন কৰিবলৈ বুকিং কৰা হোটেলখনলৈ যাবলৈ ধৰোঁতে বোকাখাত মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে পাৰ্কিংস্থলীত তেওঁক চিনাক্ত কৰে। ক'ভিড আক্ৰান্ত পৰ্যটক গৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে বাকী পৰ্যটকৰ দলটোক কোৱাৰেণ্টাইন ব্যৱস্থা কৰে মহকুমা প্ৰশাসনে। মহকুমা প্ৰশাসনে জনোৱা মতে, আমেৰিকাত বসবাস কৰা এটা পৰ্যটকৰ দলে সোমবাৰে গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈ ক'ভিড টেষ্ট কৰাইছিল। RAT টেষ্টত নিগেটিভ ওলোৱা পৰ্যটক কেইজনে উক্ত দিনাখন কাজিৰঙালৈ ভ্ৰমণৰ বাবে আহে। বিমানবন্দৰত RTPCR পৰীক্ষাত কৰোৱা পৰ্যটকৰ দলটোৰ মাজৰ এগৰাকী পৰ্যটকৰ ৰিপোৰ্টত ক'ভিদ পজিটিভ অহাত মঙ্গলবাৰে স্বাস্থ্য বিভাগে অৱগত কৰে বোকাখাত মহকুমা প্ৰশাসনক। দিনটো বিচৰাৰ পাছত মঙ্গলবাৰে সন্ধ্যা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত পৰ্যটকৰ দলটো থকাৰ সম্ভেদ পাই উদ্যানত উপস্থিত হয় মহকুমা প্ৰশাসন।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseউল্লেখ যে, পৰ্যটকৰ দলটোৱে শ শ পৰ্যটকৰ সৈতে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানত প্ৰৱেশ কৰি উপভোগ কৰিছিল সাংস্কৃতিক অনুষ্ঠান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|