মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Real Hero: হেঁপাহ ! হেঁপাহ থাকিলে কোনো সমস্যাই হেঙাৰ হ'ব নোৱাৰে ! পঢ়াৰ মাজতে সংগীত সাধনাত ব্ৰতী দিব্যাংগ বিকিয়ে দশম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে কাজিৰঙালৈ...

Real Hero: হেঁপাহ ! হেঁপাহ থাকিলে কোনো সমস্যাই হেঙাৰ হ'ব নোৱাৰে ! পঢ়াৰ মাজতে সংগীত সাধনাত ব্ৰতী দিব্যাংগ বিকিয়ে দশম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে কাজিৰঙালৈ...

News18 Assam | News18-Assam
Updated:July 31, 2021, 11:48 PM IST
Real Hero: হেঁপাহ ! হেঁপাহ থাকিলে কোনো সমস্যাই হেঙাৰ হ'ব নোৱাৰে ! পঢ়াৰ মাজতে সংগীত সাধনাত ব্ৰতী দিব্যাংগ বিকিয়ে দশম শ্ৰেণীত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে কাজিৰঙালৈ...
জীৱনৰ বাধাক প্ৰত্যাহ্বান হিচাপে লৈ আত্মবিশ্বাস আৰু মাক দেউতাকৰ প্ৰেৰণাক উৎসাহ হিচাপে লৈ দশম শ্ৰেণীত সুখ্যাতিৰ উত্তীৰ্ণ হৈ কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিলে এজন দিব্যাংগ ছাত্ৰই ৷

জীৱনৰ বাধাক প্ৰত্যাহ্বান হিচাপে লৈ আত্মবিশ্বাস আৰু মাক দেউতাকৰ প্ৰেৰণাক উৎসাহ হিচাপে লৈ দশম শ্ৰেণীত সুখ্যাতিৰ উত্তীৰ্ণ হৈ কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিলে এজন দিব্যাংগ ছাত্ৰই ৷

  • Share this:
মনত অদ্যম হেঁপাহ থাকিলে সকলো সম্ভৱ কৰিব পাৰি তাকেই  প্ৰমাণ কৰিলে কাজিৰঙাৰ এজন উদীয়মান ছাত্ৰই। জীৱনৰ বাধাক প্ৰত্যাহ্বান হিচাপে লৈ আত্মবিশ্বাস আৰু মাক দেউতাকৰ প্ৰেৰণাক উৎসাহ হিচাপে লৈ দশম শ্ৰেণীত সুখ্যাতিৰ উত্তীৰ্ণ হৈ কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই আনিলে এজন দিব্যাংগ ছাত্ৰই ৷

জন্মৰে পৰা চকুৰ সমস্যা থকা বিকি ৰজকে অধ্যয়ন কৰিছিল বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত ৷ বিদ্যালয়ৰ পৰীক্ষাসমূহত ৰাইটাৰৰ সহায়ত অৱতীৰ্ণ হোৱা বিকিৰ শিক্ষাগ্ৰহণত অকনো অসুবিধা নোহোৱাকৈ সহযোগিতা আগবঢ়াইছিল তেওঁৰ পিতৃ মাতৃয়ে ৷ দৃষ্টি শক্তিত বাধা থাকিলেও প্ৰৱল স্মৃতি শক্তিৰ অধিকাৰী বিকিৰ মাতৃয়ে পঢ়ি দিয়া পাঠ্যপুথি মনত ৰাখি গৈছিল বিকিয়ে ৷ নিজৰ অধ্যৱসায় অটুত ৰাখি উচ্চ শিক্ষাৰ বাবে আগ্ৰহী বিকি সুললিত কণ্ঠৰ অধিকাৰী ৷ পঢ়াৰ মাজতে সংগীতৰ সাধনা কৰি যোৱা বিকিৰ মন ভৱিষ্যতে এজন সংগীত শিল্পী হিচাপে নিজকে প্ৰতিস্থা কৰা ৷  বিকি ৰজক কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত ৰজকৰ পুত্ৰ। সাংবাদিকগৰাকীৰ কনিষ্ঠ পুত্ৰ তথা বিকিৰ ভাতৃ ৰবি ৰজকেও দুটা বিষয়ত লেটাৰ মাৰ্কসহ দশম শ্ৰেণীত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
Published by: Kokil Sarma
First published: July 31, 2021, 11:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি