• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga National Park: কাজিৰঙাৰ সুৰক্ষা কৰ্মীৰ হাতত এতিয়া ছেটেলাইট ফোন, কিয় গুৰুত্বপূৰ্ণ এই ফোন?

Kaziranga National Park: কাজিৰঙাৰ সুৰক্ষা কৰ্মীৰ হাতত এতিয়া ছেটেলাইট ফোন, কিয় গুৰুত্বপূৰ্ণ এই ফোন?

দেশৰ ভিতৰতে ছেটেলাইট ফোন ব্যৱহাৰ কৰা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা।

দেশৰ ভিতৰতে ছেটেলাইট ফোন ব্যৱহাৰ কৰা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা।

দেশৰ ভিতৰতে ছেটেলাইট ফোন ব্যৱহাৰ কৰা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হ'ল কাজিৰঙা।

  • Share this:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ দেশৰ ভিতৰতে ছেটেলাইট ফোন ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানত পৰিণত হ'ল বুধবাৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই সুৰক্ষা কৰ্মীসকলৰ মাজত দহটাকৈ ছেটেলাইট ফোন বিতৰণ কৰে আৰু এই সেৱা ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে ।


উল্লেখ্য যে এটা খৰ্গৰ গঁড়ৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীসকলক ছেটেলাইট ফোন যোগান ধৰি অধিক সবল কৰি তোলাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত ২৭ মে' তাৰিখে অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হৈছিল ৷ সেই বৈঠকত উপস্থিত আছিল পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে কাষৰীয়া জিলাসমূহৰ উপায়ুক্তসকল ৷ উপস্থিত আছিল শীৰ্ষ বন বিষয়াসকল ৷


বৈঠকত চোৰাং চিকাৰ বিৰোধী পদক্ষেপসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। বুধবাৰে প্ৰদান কৰা ছেটেলাইট ফোনসমূহ উদ্যানখনৰ মোবাইল বা ওয়াৰলেছ সেৱা উপলব্ধ নথকা ছটা ৰেঞ্জত ব্যৱহাৰ কৰা হ'ব । উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাজিৰঙাই এই প্ৰযুক্তি ব্যৱহাৰ কৰা দেশৰ প্ৰথমখন  ৰাষ্ট্ৰীয় উদ্যান৷ এই ধৰণৰ ফোনসমূহ সাধাৰণতে দেশৰ শীৰ্ষ সুৰক্ষা সংস্থাসমূহে কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰে। সৰ্বসাধাৰণৰ বাবে এই ফোনৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ ।


অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা এই ১০টা ফোন ক্ৰয় কৰা হৈছে আৰু এই সেৱা  বিএছএনএলৰ তৰফৰ পৰা আগবঢ়োৱা হ'ব। উদ্যান কৰ্তৃপক্ষই এই সেৱাৰ মাহিলি খৰচ ব্যয় কৰিব । ইতিমধ্যে বিএছএনএলৰ তৰফৰ পৰা মোবাইল সেৱা উপলব্ধ নোহোৱা স্থানত এই ফোন ব্যৱহাৰ কৰাৰ পদ্ধতি বিষয়ত বনকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে।


এই সন্দৰ্ভত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়- "মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক উদ্যানৰ ভিতৰত যোগাযোগৰ সমস্যাৰ গুৰুত্ব বুজি অতি কম সময়ৰ ভিতৰতে ছেটেলাইট ফোনৰ ব্যৱস্থা কৰি দিয়া বাবে ধন্যবাদ জনাইছোঁ । এই ফোনসমূহে কৰ্মীসকলৰ মাজত সমন্বয় ৰক্ষা কৰাত সহায়ক হ'ব। বিশাল উদ্যানখনৰ পৰিচালনাৰ বাবে যোগাযোগৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকিব। এই ফোনৰ দ্বাৰা আমাৰ কৰ্মীসকল চোৰাং চিকাৰীতকৈ সদায় এটা খোজ আগত থাকিব আৰু বানপানীৰ নিচিনা জৰুৰীকালীন পৰিস্থিতিত কামত আহিব ৷”

Published by:Gautam Barman
First published: