মুখ্যপৃষ্ঠা »খবৰ »অসম »কাজিৰঙাৰ ৩টা গঁড় পোৱালিক মানাহলৈ প্ৰেৰণ, মানাহৰ গঁড়ৰ সংখ্যা ৪০ লৈ বৃদ্ধি

কাজিৰঙাৰ ৩টা গঁড় পোৱালিক মানাহলৈ প্ৰেৰণ, মানাহৰ গঁড়ৰ সংখ্যা ৪০ লৈ বৃদ্ধি

কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত দুটা বছৰে প্ৰতিপালিত হৈ থকা তিনিটা গঁড় পোৱালি আজি বিয়লি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷

কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত দুটা বছৰে প্ৰতিপালিত হৈ থকা তিনিটা গঁড় পোৱালি আজি বিয়লি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷

  • Share this:
কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত বিগত দুটা বছৰে প্ৰতিপালিত হৈ থকা তিনিটা গঁড় পোৱালি আজি বিয়লি মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয় ৷ ২০১৯ চনৰ জুলাই, আগষ্ট মাহৰ বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ সংমণ্ডলৰ হাতীমুৰা, বাগৰী বনাঞ্চলৰ শ'লমৰা আৰু আনটো কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা উদ্ধাৰ কৰি অনা মাতৃহাৰা গঁড় পোৱালি তিনিটাক বিগত সময়চোৱাত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত সম্পূৰ্ণ বন্য পৰিৱেশত তুলি তালি ডাঙৰ কৰা হয় ৷ আজিৰ তাৰিখত তিনিওটা পোৱালিৰে বয়স দুবছৰৰ উৰ্ধ্বত ৷

শুকুৰবাৰে পুৱা তিনিওটা গঁড় পোৱালিৰে স্বাস্হ্য পৰীক্ষাৰ পাছত টেগ সংস্থাপন কৰে ৷ বিয়লি পোৱালিকেইটাক পিঞ্জৰাবদ্ধ কৰি তিনিখন ট্ৰাকত উঠাই মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হয়। গঁড় পোৱালি তিনিটা শনিবাৰে পুৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাশবাৰী বনাঞ্চল পাবগৈ ৷ গঁড়ৰ পৰিবাহী দলটোত আছে CWRC ৰ ডাঃ ভাস্কৰ চৌধুৰী, ডাঃ চামচুল আলী, ডাঃ দাওহাৰু বড়োৰ লগতে ৩ জন কীপাৰ ৷মানাহৰ বাশবাৰী বনাঞ্চলত নিৰ্মাণ কৰা ব'মাত গঁড় পোৱালিকেইটাক মুকলি কৰা হ'ব ৷ পৰ্যায় ক্ৰমে পোৱালিকেইটাক মানাহৰ পৰিৱেশৰ লগত খাপ খোৱাৰ প্ৰচেষ্টা কৰাৰ পাছত গভীৰ অৰণ্যৰ মাজত এৰি দিব৷

আজি পশু চিকিৎসকৰ এটা দল আৰু উচ্চ পদস্থ বন বিষয়াৰ এটা দলে গঁড় পোৱালি কেইটাৰ লগত মানাহলৈ যাত্ৰা কৰিছে ৷উল্লেখ্য যে বিগত সময়চোৱাত কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ মুঠ ১৯ টা গঁড় প্ৰেৰণ কৰা হৈছে ৷ আজি প্ৰেৰণ কৰা তিনিটা গঁড়ৰ সৈতে মানাহত কাজিৰঙাৰ পৰা যোৱা গঁড়ৰ সংখ্যা হল ২২ টা ৷ সম্প্ৰতি মানাহত গঁড়ৰ সংখ্যা হ'লগৈ ৪০ টা ৷ বৰ্তমান বন্যপ্ৰাণী উদ্ধাৰ তথা পুনৰ সংস্থাপন কেন্দ্ৰটোত ৪ টা গঁড় পোৱালিৰ লগতে বহু কেইটা নাহৰফুটুকী বাঘ, চৰাই, জহামাল প্ৰতিপালিত হৈ আছে ৷

শেহতীয়া বাতৰি