உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Kaziranga Rhino's Day Out in Village: কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ আতংক, গঁড়ে নষ্ট কৰিলে বহু পৰিয়ালৰ খেতি, অৰণ্যলৈ খেদি পঠিয়ালে বন বিভাগে।

    Kaziranga Rhino's Day Out in Village: কাজিৰঙাৰ জনাঞ্চলত গঁড়ৰ আতংক, গঁড়ে নষ্ট কৰিলে বহু পৰিয়ালৰ খেতি, অৰণ্যলৈ খেদি পঠিয়ালে বন বিভাগে।

    কেইবাঘণ্টা জোৰা চেষ্টাৰ অন্তত শূন্যলৈ গুলী ফুটাই (Blank Fire) গঁড় (Rhino)টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ কঁহৰা বনাঞ্চলৰ অন্তৰ্ভাগলৈ খেদি পঠায় বনবিভাগে।

    • Share this:
    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ জনাঞ্চলত গঁড় (Rhino)ৰ আতংক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ পৰা ওলাই অহা এটা গঁড়ে পুৱাৰে পৰা উদ্যানৰ দাঁতিকাষৰীয়া বৰবিল মিছিং গাঁৱত ত্ৰাসৰ সৃষ্টি কৰে। ৰাষ্ট্ৰীয় উদ্যানৰ ২য় সংযোজন এলেকাটো বসতিপূৰ্ণ অঞ্চল হোৱাৰ বাবে আতংকময় পৰিবেশৰ সৃষ্টি হয় গাঁওবাসীৰ মাজত। জনবসতি পূৰ্ণ অঞ্চলটোৰ পথাৰত পুৱা গঁড়টো প্ৰত্যক্ষ কৰি বন বিভাগ (Forset Department)ক খবৰ দিয়ে গাঁওবাসীয়ে।

    ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ  হাতীৰ সহায়ত গঁড়টো উদ্যানলৈ খেদি পঠিয়াবলৈ চেষ্টা চলায় যদিও প্ৰথম অৱস্থাত সক্ষম নহয়। কেইবাঘণ্টা জোৰা অভিযানৰ পাছত শূন্যলৈ কেইবা জাইও গুলী ফুটাই (Blank Fire) গঁড়টো ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অন্তৰ্ভাগলৈ খেদি পঠায় বনবিভাগে। উল্লেখ্য যে, গঁড়টোৱে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ খেতি নষ্ট কৰে।
    Published by:Manjumoni Borah
    First published: