আগন্তুক অক্টোবৰ মাহৰ পহিলা সপ্তাহত দেশ-বিদেশৰ পৰ্যটকৰ বাবে মুকলি হ’ব পৰ্যটনস্থলী বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা। কাজিৰঙাত প্ৰতিবছৰে ভিৰ কৰে বহু লক্ষাধিক পৰ্যটকে। যাৰ বাবে কাজিৰঙাত গঢ়ি উঠিছে নামি দামী বহু চৰকাৰী-বেচৰকাৰী হোটেল, ল'জ, হোমষ্টে আদি। কাজিৰঙাত অসম পৰ্যটন বিভাগৰো আছে কেইবাটাও পৰ্যটন নিৱাস।
অসম পৰ্যটন বিভাগৰ অধীনত কাজিৰঙাৰ কহঁৰাত আছে বনানি, কুঞ্জবন, বনশ্ৰী আদি পৰ্যটন নিৱাস। ইয়াৰে কিন্তু অধিকাংশৰে অৱস্থা জৰাজীৰ্ণ। ৰাজ্যৰ পৰ্যটনৰ অন্যতম প্ৰাণকেন্দ্ৰ কাজিৰঙাত জঁহি খহি গৈছে ইটোৰ পিছতো সিটোকৈ চৰকাৰী পৰ্যটন নিৱাস। অসম পৰ্যটনৰ বনানিৰ বাহিৰে অন্য অতিথিশালাবোৰৰ অৱস্থা পুতৌলগা। ইতিমধ্যে ভূত বঙলালৈ পৰিণত হৈছে কুঞ্জবন নামৰ ড'ৰমেটৰিটো। একেই দুৰৱস্থা বনশ্ৰী অতিথিশালাৰো। মেৰামতি আৰু চোৱাচিতাৰ অভাৱত এতিয়া জৰাজীৰ্ণ হৈ পৰিছে এই অতিথিশালাসমূহ।
আনহাতে কাজিৰঙাৰ পৰ্যটনৰ এই দুৰ্বল আন্তঃগাথনিয়ে পৰ্যটন বৰ্ষৰ আৰম্ভণি হোৱাৰ প্রাকক্ষণত নিৰাশ কৰিছে কাজিৰঙাৰ পৰ্যটকসকলক। শাৰদীয় উৎসৱৰ সময়ত কাজিৰঙাত ভিৰ কৰে বহু বহিঃৰাজ্যৰ পৰ্যটকে। হিচাবি পৰ্যটকসকলৰ অন্যতম পছন্দ অসম পৰ্যটন বিভাগৰ বনানি, বনশ্ৰী আৰু কুঞ্জবন অতিথিশালা। কিন্তু সময়ত মেৰামতি নকৰাৰ ফলত এতিয়া পৰ্যটকসকলৰ ৰুমৰ বুকিং ল'ব পৰা নাই বিভাগটোৱে। বনানি অতিথিশালাৰ ৪০ শতাংশ বুকিং লৈছে যদিও বনশ্ৰী আৰু কুঞ্জবনৰ বুকিং লোৱাৰ পৰা বিৰত থাকিব লগা হৈছে বিভাগটো। উল্লেখ যে, বিগত মে' মাহৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কিন্তু অতি দুখৰ বিষয় যে চাৰিমাহেও মেৰামতি সম্পূৰ্ণ কৰি তুলিব নোৱাৰিলে বিয়াগোম বিভাগটোৱে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|