• Home
  • »
  • News
  • »
  • assam
  • »
  • ১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১৫ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি৷ ২০২১ বৰ্ষৰ ২২ ছেপ্টেম্বৰত দাহ কৰা গঁড়ৰ খৰ্গৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়ৰ প্ৰতিমূৰ্তিকেইটা৷

  • Share this:
২০২২-২৩ পৰ্যটন বৰ্ষৰ বাবে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ৷ অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ অৱশ্যে বতৰে প্ৰতিকুল অৱস্থাৰ সৃষ্টি কৰিলে নিৰ্দিষ্ট দিনৰ কিছু সালসলনি হোৱাৰো সম্ভাৱনা আছে৷ এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে৷

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে এক অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু এক নৱেম্বৰত হাতী ছাফাৰী মুকলি কৰা হয় যদিও এইবাৰ বতৰৰ প্ৰতিকুল অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত থমকি ৰ’বলগীয়া হৈছে উদ্যান কৰ্তৃপক্ষ৷ তাৰ মাজতে পৰ্যটকক আদৰাৰ বাবে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে উদ্যান কৰ্তৃপক্ষই৷

কৰ্তৃপক্ষৰ মতে, এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি৷ ২০২১ বৰ্ষৰ ২২ ছেপ্টেম্বৰত দাহ কৰা গঁড়ৰ খৰ্গৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়ৰ প্ৰতিমূৰ্তিকেইটা৷ দ্ৰুতগতিত চলি থকা নিৰ্মাণ কাৰ্য, এসপ্তাহৰ ভিতৰত সমাপ্ত হ’ব বুলি প্ৰকাশ কৰিছে এম কে যাদৱে৷

ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি নহ’লেও অহা ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা চৰকাৰৰ চিন্তন বৈঠকৰ সময়ত উপস্থিত হোৱা অতিথিসকলক ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ দৰ্শনৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷
Published by:Sanjay Kumar Das
First published: