মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) কৰ্তৃপক্ষ। কোভিড (Covid19) পৰিস্থিতিৰ পিছত অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা। উদ্যানখন মুকলি কৰিবলৈ ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে।
প্ৰথম পৰ্যায়ত উদ্যানখনৰ কঁহৰা আৰু বাগৰী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি হ'ব যদিও বাট-পথ মেৰামতি হোৱাৰ পিছত অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বৰ্তমান কাজিৰঙা (Kaziranga)ত পৰ্যটকৰ বাবে জীপ ছাফাৰী (Jeep Safari)হে মুকলি হ'ব।
ইপিনে প্ৰতিবছৰৰ দৰে নৱেম্বৰ মাহৰ পৰা হাতী ছাফাৰী (Elephant Safari)ও পৰ্যটকৰ বাবে মুকলি হ'ব বুলি সদৰী কৰে উদ্যান কৰ্তৃপক্ষই। ২০২০-২১ পৰ্যটন বৰ্ষত কোভিডৰ বাবে বিদেশী পৰ্যটক (Tourists) কাজিৰঙালৈ নাহিলেও ঘৰুৱা পৰ্যটকৰ আগমনে অভিলেখ সৃষ্টি কৰিছিল। উল্লেখ্যে যে ২ লাখতকৈ অধিক পৰ্যটকে বিগত বৰ্ষত দৰ্শন কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আগন্তুক ২০২১-২২ পৰ্যটন বৰ্ষতো পৰ্যটকৰ পৰা ব্যাপক সহাৰি লাভ কৰিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ।
আনহাতে পৰ্যটকক আকৰ্ষণ কৰিবলৈ উদ্যানখনৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন কৰা হৈছে বুলিও প্ৰকাশ কৰে সঞ্চালকগৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|