• Home
  • »
  • News
  • »
  • assam
  • »
  • Kaziranga National Park : অক্টোবৰত পৰ্যটকৰ বাবে খোল খাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বন আইন উলংঘাৰ অভিযোগ ভিত্তিহীন আখ্যা বন্যপ্ৰাণী প্ৰাধিকাৰীৰ

Kaziranga National Park : অক্টোবৰত পৰ্যটকৰ বাবে খোল খাব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, বন আইন উলংঘাৰ অভিযোগ ভিত্তিহীন আখ্যা বন্যপ্ৰাণী প্ৰাধিকাৰীৰ

 নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰী আৰম্ভ কৰা হ'ব৷

নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰী আৰম্ভ কৰা হ'ব৷

নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী ছাফাৰী আৰম্ভ কৰা হ'ব৷

  • Share this:
২ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে খোলা হ'ব৷ এয়া হ'ব আংশিকভাৱে মুকলি৷ নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত (Kaziranga National Park) হাতী ছাফাৰী খোলা হ'ব৷ বন্যপ্ৰাণী প্ৰাধিকাৰী এম কে যাদৱে এই সন্দৰ্ভত জনায় News18ক৷

যাদৱে লগতে কাজিৰঙাত নিশা আধ্যাত্মিক গুৰুৰ ভ্ৰমণ সন্দৰ্ভত কয়– ''আমাৰ অনুষ্ঠানত আমন্ত্ৰণ কৰা অতিথিহে সোমাইছিল উদ্যানত৷ মুখ্যমন্ত্ৰী লগত আছিল। লগত আছিল আমাৰ সঞ্চালক৷ ইয়াত কোনো আইন উলংঘা হোৱা নাই৷ গতিকে অভিযোগ ভিত্তিহীন৷ কোনোবাই গোচৰ দিছে বুলি শুনিছোঁ৷ কিন্তু আইন উলংঘা হোৱা নাই৷ আমি নিমন্ত্ৰণ কৰা অতিথিহে আহিছিল উদ্যানৰ অনুষ্ঠানলৈ৷ অনুষ্ঠানটো কিছু পলমকৈ হ'ল, তাৰ বাহিৰে একো হোৱা নাই৷''

উল্লেখ্য, চিন্তন শিবিৰত অংশ লোৱা সদগুৰুৰ লগতে মুখ্যমন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰীয়ে কাজিৰঙাত নিশা ভ্ৰমণ কৰাক লৈ কালি বন আইন উলংঘাৰ অভিযোগ আনি বোকোখাট থানাত এজাহাৰ দাখিল কৰিছিল জীপাল নামৰ এটা প্ৰকৃতি সংগঠনে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি