আজি পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙাৰ ইতিহাসৰ তৃতীয় সৰ্ববৃহৎ বানৰ কাৰণে এইবাৰ উদ্যানৰ দ্বাৰ মুকলি কৰাত কিছু পলম হৈছে।

News18-Assam
Updated:October 12, 2019, 9:51 AM IST
আজি পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙাৰ ইতিহাসৰ তৃতীয় সৰ্ববৃহৎ বানৰ কাৰণে এইবাৰ উদ্যানৰ দ্বাৰ মুকলি কৰাত কিছু পলম হৈছে।
News18-Assam
Updated: October 12, 2019, 9:51 AM IST
নীলোৎপল বৰা: আজি পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কলিয়াবৰ মহকুমা প্ৰশাসন আৰু কাজিৰঙা বন বিভাগৰ উদ্যোগত বাগৰি ৰেঞ্জত দিনৰ ১১বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফিটা কাটি পৰ্য্যটকৰ বাবে মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যান খনৰ দ্বাৰ। ইয়াৰ পিছতে দিনৰ ১২ বজাত কাজিৰঙাৰ কহৰা ৰেঞ্জৰ দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী কেশৱ মহন্ত, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য নৱ দলে আৰু অতুল বৰা উপস্থিত থাকিব এই অনুষ্ঠানত। ইপিনে কাজিৰঙাৰ ইতিহাসৰ তৃতীয় সৰ্ববৃহৎ বানৰ বাবে এতিয়াও পৰ্য্যটকৰ বাবে মুকলি কৰিব পৰাকৈ সাজু হৈ উঠা নাই ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ আৰু অগৰাতলি ৰেঞ্জ। উল্লেখযোগ্য যে বানপানীৰ বাবেই এইবাৰ পৰ্যটকৰ বাবে উদ্যানখনৰ দ্বাৰ মুকলি কৰাত যথেষ্ট পলম হোৱা বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি