পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

News18 Assam | News18-Assam
Updated:October 21, 2020, 3:15 PM IST
পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
কাজিৰঙালৈ আগমন হোৱা পৰ্যটকৰ মূল আকৰ্ষণ হাতী ছাফাৰী মুকলি হ’ব পহিলা নৱেম্বৰত।

কাজিৰঙালৈ আগমন হোৱা পৰ্যটকৰ মূল আকৰ্ষণ হাতী ছাফাৰী মুকলি হ’ব পহিলা নৱেম্বৰত।

  • Share this:
২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ বুধবাৰে দুপৰীয়া উদ্যানৰ কঁহৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি, নাৰিকল ভাঙি প্ৰৱেশদ্বাৰৰ ফিটা কাটি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে উদ্যানখন৷

ইয়াৰ পিছতে অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়া মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তসহ মুখ্যমন্ত্ৰী সোণোৱালে উদ্যানৰ কঁহৰা বনাঞ্চলত জীপ গাড়ীৰে প্ৰৱেশ কৰে৷ বনাঞ্চলৰ কাঠপৰা এলেকালৈকে পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকী ওলাই আহি মিহিমুখত সাংবাদিকসকলক সম্বোধন কৰে৷ ইয়াৰ পাছতে ডাবিডুবিৰ অনুষ্ঠানলৈ বুলি মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হয়৷

ইফালে কাজিৰঙালৈ আগমন হোৱা পৰ্যটকৰ মূল আকৰ্ষণ হাতী ছাফাৰী মুকলি হ’ব পহিলা নৱেম্বৰত। বিগত সময়ত বানৰ কবলত পৰি বিস্তৰ ক্ষতিসাধন হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা বৰ্তমানেও পানীৰ তলত থকাত কেৱল কঁহৰা বনাঞ্চলৰ মিহিমুখৰ পৰা ভৈচামাৰী আৰু বাগৰি বনাঞ্চলৰ ডুঙালৈকেহে বৰ্তমান সময়ত পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। আনহাতে, উদ্যানৰ বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰে মন্ত্ৰী কেশৱ মহন্তই।
Published by: Sanjay Kumar Das
First published: October 21, 2020, 3:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading