• Home
  • »
  • News
  • »
  • assam
  • »
  • দুবছৰৰ অন্তত বন বিভাগৰ জালত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ৰঞ্জয় বৰ্ধন

দুবছৰৰ অন্তত বন বিভাগৰ জালত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ৰঞ্জয় বৰ্ধন

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ তিনিটা গোচৰত অভিযুক্ত ৰঞ্জয় বৰ্ধন ৷

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ তিনিটা গোচৰত অভিযুক্ত ৰঞ্জয় বৰ্ধন ৷

ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ তিনিটা গোচৰত অভিযুক্ত ৰঞ্জয় বৰ্ধন ৷

  • Share this:
অৱশেষত আত্মসমৰ্পণ কৰিলে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত অভিযুক্ত কাজিৰঙাৰ ৰঞ্জয় বৰ্ধনৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সূত্ৰ মতে  গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় চলাই থকা এটা চক্ৰক ২০২০ চনত উৎখাৎ কৰিছিল ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ চক্ৰটোত একাংশ বনকৰ্মীৰ লগতে সাঙুৰ খাই পৰিছিল ৰঞ্জয় বৰ্ধনৰ নাম ৷

অভিযুক্ত বনকৰ্মী কেইজনক আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ল যদিও আত্ম গোপন কৰে ৰঞ্জয় বৰ্ধনে ৷ আদালতৰ নিৰ্দেশকো অমান্য কৰি  আত্মগোপন কৰি থকা ৰঞ্জয়ক চমন জাৰি কৰাৰ পাছতো আদালতত হাজিৰ নোহোৱাত পলাতক ঘোষণা কৰে আদালতে ৷ এই সময়ছোৱাত বহু বিচাৰ খোচাৰ কৰিও সন্ধান নোলোৱা ৰঞ্জয়ে কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন জনাই যদিও ন্যায়ালয়ে আৱেদন নাকচ কৰাৰ পাছত বাধ্য হৈ জুডিচিয়েল আদালতত আত্মসমৰ্পণ কৰে।

ইয়াৰ পিছতে সোধাপোচাৰ বাবে জিম্মাত লয় উদ্যান কৰ্তৃপক্ষই ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ তিনিটা গোচৰত অভিযুক্ত ৰঞ্জয় বৰ্ধন ৷ উদ্যান কৰ্তৃপক্ষৰ তদন্তত গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ তথ্য পোৱা গৈছে যদিও প্ৰত্যক্ষ ভাৱে চোৰাং চিকাৰত জড়িত থকা নথকাৰ কথা তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

আনহাতে ২০০২ চনৰে পৰা কাৰ্বি আংলঙত কাঠ, শিল আদিৰ ব্যৱসায় চলাই অহা ৰঞ্জয়ৰ  চাহ বাগিচা থকাৰ লগতে অগাধ সম্পত্তিৰগৰাকী ৷ ইফালে, ৰঞ্জয় বৰ্ধনৰ লগত কাজিৰঙাৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ সম্ভ্ৰান্ত ঘৰৰ লোক জড়িত থকাৰ কথা পোহৰলৈ আহিছে।
Published by:Himangshu Bhuyan
First published: