உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুখত নাই মাস্ক, নেদেখুৱাই ভেকচিন চাৰ্টিফিকেট! কোভিড বিধি ধোঁৱা চাঙত তুলি কাজিৰঙাত পৰ্যটকৰ চাফাৰী

    মুখত নাই মাস্ক, নেদেখুৱাই ভেকচিন চাৰ্টিফিকেট! কোভিড বিধি ধোঁৱা চাঙত তুলি কাজিৰঙাত পৰ্যটকৰ চাফাৰী

    Kaziranga National Park: দেশত এতিয়া দ্ৰুত গতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ তৃতীয় ঢৌ'কলৈ একাংশ অসচেতন লোকৰ কাণ্ডজ্ঞানহীন কাৰ্য্যই বিপদ মাতিছে কাজিৰঙালৈ।

    Kaziranga National Park: দেশত এতিয়া দ্ৰুত গতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ তৃতীয় ঢৌ'কলৈ একাংশ অসচেতন লোকৰ কাণ্ডজ্ঞানহীন কাৰ্য্যই বিপদ মাতিছে কাজিৰঙালৈ।

    Kaziranga National Park: দেশত এতিয়া দ্ৰুত গতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ তৃতীয় ঢৌ'কলৈ একাংশ অসচেতন লোকৰ কাণ্ডজ্ঞানহীন কাৰ্য্যই বিপদ মাতিছে কাজিৰঙালৈ।

    • Share this:
    চৰকাৰে বান্ধি দিয়া কোভিড  বিধি ধোঁৱা চাঙত তুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ পৰ্যটকৰ। বনকৰ্মীৰ সন্মুখেদিয়ে মাস্ক পৰিধান নকৰাকৈ উদ্যান দৰ্শনৰ কাৰণে প্ৰৱেশ কৰিছে পৰ্যটক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত কোভিডকলৈ যেন নাই কোনো নিৰ্ধাৰিত নীতি নিয়ম।

    দেশত এতিয়া দ্ৰুত গতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ তৃতীয় ঢৌ'কলৈ একাংশ অসচেতন লোকৰ কাণ্ডজ্ঞানহীন কাৰ্য্যই বিপদ মাতিছে কাজিৰঙালৈ। কোভিডকলৈ ৰাজ্য চৰকাৰে জাৰি কৰা SOP উলংঘা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰ্শন কৰিবলৈ অহা একাংশ পৰ্যটকৰ।

    উল্লেখ্য যে, কোভিড সংক্ৰমণ বৃদ্ধি পোৱাত ৰাজ্য চৰকাৰে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত পৰ্যটকে দ্বিতীয় পালি ভেকচিন লোৱাৰ প্ৰমাণ পত্ৰ প্ৰৱেশ দ্বাৰত দেখুওৱাৰ লগতে উদ্যান দৰ্শনৰ সময়ত মাস্ক পৰিধান কৰিব লাগিব। কিন্তু সকলো কোভিড বিধি ধোঁৱা চাঙত তুলি বনকৰ্মীৰ সন্মুখেৰে মাস্ক পৰিধান নকৰাকৈ উদ্যানত প্ৰৱেশ কৰিছে একাংশ পৰ্যটক।

    আনকি কঁহৰা বনাঞ্চলৰ মূল প্ৰৱেশ দ্বাৰত সকলো পৰ্যটকৰ ভেকচিনৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰা হোৱা নাই। আনহাতে, কোভিড বিধি উলংঘাৰ সন্দৰ্ভত উদ্যানৰ DFOৰ আকপত স্বীকাৰুক্তি। 'সকলো সময়ত পৰ্যটকৰ ক্ষেত্রত ইমান নজৰ দিয়া সম্ভৱ নহয়। তথাপিও যি সমূহ গাড়ীত পৰ্যটক লগত বনকৰ্মী উপস্থিত থকাৰ পাছতো মাস্ক পৰিধান কৰা নাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লব বন বিভাগে।'- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ একাংশ বনকৰ্মীৰ আমনোযোগিতাৰ বাবে আগন্তুক সময়ত বিপদ মাতিব সেয়া নুই কৰিব নোৱাৰি।
    Published by:Himangshu Bhuyan
    First published: