Flood at Kaziranga: কাজিৰঙাৰ বান পৰিস্থিতি কিছু উন্নত, কিন্তু এতিয়াও হাহাকাৰ অৱস্থা বন্যপ্ৰাণীৰ।বৰ্তমানেও ৬৯টা বন শিবিৰ প্লাবিত হৈ আছে। উদ্যানখনৰ অগৰাতলি, কঁহৰা, বাগৰী, বুঢ়াপাহাৰত হ্ৰাস পাইছে জলস্তৰ।

উদ্যানখনে বানৰ কবলৰ পৰা কিছু সকাহ পাইছে যদিও গভীৰ সংকটৰ পৰা মুক্ত হোৱা নাই বন্যপ্ৰাণীসমূহ।কাজিৰঙাৰ বিশাল তৃণভূমি এতিয়াও পানীৰ তলত৷ পানীৰে আবৃত হৈ আছে বনশিবিৰ সমূহো। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পাইছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তথ্য অনুসৰি প্ৰায় ৫০% অঞ্চল জলমগ্ন হৈ আছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্র প্ৰকল্প এলেকাৰ ২২৩ বনশিবিৰৰ ভিতৰত কহঁৰা বনাঞ্চলত ২২ টা,বাগৰি বনাঞ্চলত ২১টা, অগৰাতলি বনাঞ্চলত ১১ টা আৰু বুঢ়াপাহাৰ বনাঞ্চলত ৫টা আৰু নগাঁও আৰু বিশ্বনাথ ডিভিজনত ৯টাকে ধৰি মুঠ ৬৯টা বনশিবিৰ বর্তমানেও জলমগ্ন হৈ আছে। কাজিৰঙাৰ ৰাজপথত টাইম কাৰ্ড প্ৰবৰ্তন কৰা হৈছে যদিও ১০টা পহু বাহনৰ খুন্দাত মৃত্যু হোৱাৰ সমান্তৰালকৈ ১ টা বানৰ কৱলত পৰি মৃত্যু হোৱাৰ লগতে দুষ্কৃতিকাৰী বা অন্যান্য কাৰণত প্ৰাণ গৈছে ৩ টা পহুৰ। ইপিনে বৰ্তমানেও জলমগ্ন হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ অধীনৰ মিহিমুখ অঞ্চলত পানীৰ বাবে খাদ্যৰ অভাৱত পৰা গঁড়, মহ আদিয়ে আশ্ৰয় লৈছে এতিয়া পৰ্যটক প্ৰৱেশ কৰা মূল পথত। আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তু খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলাৰ লগতে একাংশই আশ্ৰয় লৈছে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত আৰু আন একাংশ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা ওলাই আহিব নোৱাৰা বহু বন্যপ্ৰাণীয়ে এতিয়াও আশ্ৰয় লৈ থাকিব লগা হৈছে ৰাষ্ট্ৰীয় উদ্যান খনৰ হাইলেণ্ড সমূহত ৷ চাৰিও ফালে সাগৰ সদৃশ পানীৰ মাজত একো একোটা হাইলেণ্ডেই একমাত্ৰ আশ্ৰয় স্থল হৈ পৰিছে গঁড়,হাতী, ম’হ, হৰিণ আদি বন্যপ্ৰানীৰ। বানৰ পৰিস্থিতি উন্নতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিথিল কৰা হৈছে টাইম কাৰ্ড ব্যৱস্থা।সন্ধিয়া ভাগতহে প্ৰযোজ্য হ'ব টাইম কাৰ্ড ব্যৱস্থা।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|