কোভিডৰ ফলত পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

News18 Assam | News18-Assam
Updated:May 4, 2021, 9:01 AM IST
কোভিডৰ ফলত পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে ৷

চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে ৷

  • Share this:
কোভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ নিৰ্দেশৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে উদ্যান কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য দৰ্শনাৰ্থীৰ বাবে তাৎক্ষণিকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ নিৰ্দেশৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে উদ্যান কৰ্তৃপক্ষই।

নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জীৱ-জন্তুৰ মাজত ভাইৰাছ বিয়পাৰ সম্ভাৱনাৰ লগতে মানুহৰ পৰা পশুলৈ ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে৷ বিগত বছৰৰ ২১ অক্টোবৰত প্ৰায় সাত মাহৰ পিছত পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল উদ্যানখন। এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত সময়ত বহু সংখ্যক থলুৱা পৰ্যটক উপস্থিত হোৱাও পৰিলক্ষিত হৈছিল।

আনহাতে, উদ্যান কৰ্তৃপক্ষই যোৱা ৩০ এপ্ৰিলত দৰ্শণাৰ্থীৰ বাবে হাতী চাফাৰী বন্ধ কৰিছিল। পূৰ্বৰ বৰ্ষসমূহত মে’ মাহৰ ১৫ তাৰিখে পৰ্যটকৰ বাবে জীপ চাফাৰী কাজিৰঙাত বন্ধ কৰা হয় যদিও ২০২০-২১ পৰ্যটন বৰ্ষত কোৰোণাৰ বিভীষিকাময় পৰিৱেশৰ বাবে আগতীয়াকৈ বন্ধ কৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

চলিত পৰ্যটন বৰ্ষত কাজিৰঙাত পৰ্যটকে একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে ৷ কাৰণ বিগত বৰ্ষৰ অক্টোবৰ মাহৰ ২১ তাৰিখৰ পৰা ৩ মে’ পৰ্যন্ত কাজিৰঙা দৰ্শন কৰিলে মুঠ ১ লাখ ৯৯ হাজাৰ ২৪০ জন পৰ্যটকে ৷ ১৯৯৭ চনৰ পৰা কাজিৰঙালৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা এই বছৰে সৰ্বাধিক বুলি জানিবলৈ দিয়ে উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে।

আনহাতে, ২০১৭-১৮ পৰ্যটন বৰ্ষত সৰ্বাধিক ১ লাখ ৮৮ হাজাৰ পৰ্যটকে দৰ্শন কৰা কাজিৰঙাত এইবাৰ টাৰ্গেট আছিল দুই লাখ পৰ্যটকৰ৷ কিন্তু সেয়া সাম্প্ৰতিক পৰিৱেশৰ বাবে সম্ভৱ হৈ নুঠিল৷ ইফালে বিদেশী পৰ্যটকৰ সংখ্যা সীমিত হোৱাৰ বাবে পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত এইবাৰ ত্ৰিশ শতাংশ ৰাজহ কমকৈ সংগ্ৰহ হোৱা বুলি উল্লেখ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক গৰাকীয়ে৷
Published by: Sanjay Kumar Das
First published: May 4, 2021, 9:01 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি