• Home
  • »
  • News
  • »
  • assam
  • »
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পত্নী সন্তানসহ অৱসৰ বিনোদন ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়াৰ ...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পত্নী সন্তানসহ অৱসৰ বিনোদন ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়াৰ ...

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পত্নী সন্তানসহ অৱসৰ বিনোদন কৰিছে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই। কাজিৰঙাৰ পৰিবেশ সচাকৈয়ে মনোমোহা: বাইচুং ভূটীয়া।

  • Share this:
ভাৰতীয় ফুটবলৰ ৰাজপুত্ৰ বাইচুং ভূটীয়া। তাৰকা ফুটবলাৰ গৰাকী সম্প্ৰতি ব্যস্ত আছে অসমত। অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পত্নী সন্তানসহ অৱসৰ বিনোদন কৰিছে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই।

দেশৰ ক্ৰীড়াৰ সম্মানীয় অৰ্জুন বঁটা আৰু পদ্মশ্ৰী বঁটা বিজয়ী তাৰকা ফুটবলাৰ গৰাকীয়ে এইবাৰ অৱসৰ বিনোদৰ বাবে নিৰ্বাচিত কৰিছে কাজিৰঙা। য'ত বাইচুং ভূটীয়াই পত্নী মাধুৰী টিপনিছ ভূটীয়াৰ লগতে পুত্ৰ, কন্যাৰ সৈতে আনন্দ কৰিছে। ১৪ মাৰ্চত কলকাতাৰ পৰা যোৰহাট বিমান বন্দৰত আহি উপস্থিত হোৱা বাইচুং ভূটীয়াক আতিথ্য প্ৰদান কৰিছে নুমলিগড় তেল শোধানাগাৰ আৰু অইল কতৃপক্ষই। ১৪ মাৰ্চত আহি উপস্থিত হোৱা বাইচুং ভূটীয়া পৰিয়ালে ১৫ মাৰ্চৰ পুৱা কাজিৰঙাত হাতী চাফাৰী কৰাৰ পিছত ১৬ জানুৱাৰীত জীপ ছাফাৰী কৰে। "কাজিৰঙা সচাকৈয়ে মনোমোহা, একেবাৰে ওচৰৰ পৰা গঁড়, হাতী, হৰিনা দেখি অভিভূত হৈ পৰিছো" News18ৰ সম্মুখত এই মন্তব্য আগবঢ়ালে তাৰকা ফুটবলাৰ বাইচুং ভূটীয়াই।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি